![]()
নিউজ ডেস্কঃ
ওমিক্রন সংক্রমণক লৈ বিশ্বজুৰি সৃষ্টি হৈছে চৰম উদ্বেগ। যিবোৰ দেশত কোভিডৰ এই নতুন প্ৰজাতিৰ সংক্রমণ বিয়পিছে সেই দেশৰ পৰা আহিবলগীয়া যাত্রী আৰু বিমানৰ ওপৰত নিষেধাজ্ঞা জাৰি কৰিছে বহু দেশে। আৰু ইয়াৰ ব্যাপক প্রভাব পৰিছে বিমান পৰিসেৱাত। বিশ্বজুৰি চাৰে ১১ হাজাৰ বিমান বাতিল হোৱাত বিপুল সমস্যাৰ সন্মুখীন হৈছে যাত্রীসকল। শুক্রবাৰ পর্যন্ত এই বিপুল সংখ্যক বিমান বাতিল কৰা বুলি সূত্রৰ খবৰ।
জানিব পৰা মতে, সোমবাৰে বিশ্বজুৰি বাতিল হৈছে তিনি হাজাৰ বিমান। মঙ্গলবাৰে আৰু এক হাজাৰ বিমান বাতিল কৰা হৈছে বুলি জনাইছে ফ্লাইট ট্ৰেকাৰ ফ্লাইটৱেৰে।
ফ্লাইটৱেৰে জনোৱা মতে, চীনৰ দুটা বিমান কোম্পানীয়ে সৰ্বাধিক বিমান বাতিল কৰিছে। চাইনা ইষ্টার্ন এয়াৰলাইন্সৰ ৪২৩খন বিমান বাতিল কৰা হৈছে সোমবাৰে। ১৯৮খন বিমান বাতিল কৰিছে এয়াৰ চাইনাই।
আনহাতে, আমেৰিকাৰ ইউনাইটেড এয়াৰলাইন্সে বাতিল কৰিছে ৯৩খন, আমেৰিকান এয়াৰলাইন্সে ৮২, ডেল্টা এয়াৰলাইন্সে ৭৩ আৰু জেট ব্লুই ৬৬খন বিমান বাতিল কৰিছে। কেৱল সেয়াই নহয়, বিশ্বজুৰি ৮ হাজাৰ ৪৭২খন বিমান নিৰ্ধাৰিত সময়তকৈ পলমকৈ চলিছে।













