![]()
নিউজ ডেস্কঃ
নগাঁও আৰক্ষীৰ সফল অভিযান। নগাঁৱৰ হয়বৰ গাঁও আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া তৰংগ পাটোৱাৰীৰ নেতৃত্বত যোৱা এটা দল আৰু এণ্টি নাৰ্কতিক স্কোৱাডে নগাঁও চহৰৰ খুটিকটীয়া আৰু ধিং গেটত চলোৱা অভিযানত ৭ টাকৈ ড্ৰাগছ সৰবৰাহকাৰীক গ্ৰেপ্তাৰ কৰে।
অভিযানৰ সময়ত আৰক্ষীয়ে এটা হিৰোইন ভৰ্তি চাবোনৰ বাকচ, ৬৫ টা হিৰোইন ভৰ্তি কন্টেনাৰ উদ্ধাৰ কৰিবলৈ সক্ষম হয়। লগতে আৰক্ষীয়ে ড্ৰাগছ ব্যৱসায়ী ক্ৰমে বিজয় দাস, ড্ৰাগছ সৰবৰাহকাৰী আনিমা দাস, মুন হাজৰিকা, অজয় দাস, কণ বৰদলৈ, ৰুচানা খাতুন, আবু হানিফাক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয়।
আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা ড্ৰাগছ সৰবৰাহকাৰী কেইজনক বৰ্তমানেও জেৰা অব্যাহত ৰাখিছে।













