![]()
নিউজ ডেস্কঃ
মধ্যাহ্ন ভোজনত জেঠী। সেই জেঠী পৰা খাদ্য খাই অসুস্থ হৈ হস্পিটেলত ভৰ্তি হ’বলগা হ’ল ৮০গৰাকী শিক্ষাৰ্থী। ঘটনাটোত তোলপাৰ লাগি গৈছে দক্ষিণৰ ৰাজ্য কৰ্ণাটকত।
জানিব পৰা মতে, কৰ্ণাটকৰ হাভেৰি জিলাৰ ভেঙ্কটপুৰা টাণ্ডা গাঁৱৰ চৰকাৰী স্কুলত মধ্যাহ্ন ভোজনৰ খাদ্য দিয়া হৈছিল। তেনে সময়তে এগৰাকী শিক্ষাৰ্থীৰ পাতত পৰে জেঠীৰ দেহাংশ। সেয়া দেখিয়েই চক খাই উঠে সকলোৱে। ইতিমধ্যে শাৰী পাতি বহা শিক্ষাৰ্থীসকলৰ আৰম্ভণিৰখিনিৰ খোৱা আৰম্ভ হৈ গৈছে। খাদ্যত জেঠী পোৱাৰ কথা শুনি সকলোৱে খোৱা পাতৰ পৰা উঠে। তাৰ মাজতেই বমি কৰিবলৈ আৰম্ভ কৰে বহুকেইজন শিক্ষাৰ্থীয়ে। মুহূৰ্ততে হুলস্থুল লাগি যায় স্কুলখনত।
ততাতৈয়াকৈ খাবলৈ বহা ৮০ জন ছাত্ৰ-ছাত্ৰীক নিকটৱর্তী ৰানিবেন্নুৰ হস্পিটেললৈ লৈ যোৱা হয়। স্কুল কর্তৃপক্ষই জনোৱা মতে, প্রাথমিক চিকিৎসাৰ পিছত সকলোকে যাবলৈ দিয়া হয়। জিলা প্রশাসনে সংশ্লিষ্ট স্কুলখনৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণৰ নির্দেশ দিছে।













