![]()
নিউজ ডেস্কঃ
মানৱ আকৃতিৰ দৰে সন্তান জন্ম দিলে এটি ছাগলীয়ে। ঘটনাটি কাছাৰৰ গঙ্গাপুৰ গাঁৱৰ৷ যাৰ বাবে এতিয়া আচৰিত হৈ পৰিছে গাঁওবাসী৷ লগতে এই বিৰল আকৃতিৰ ছাগলী পোৱালিটো চাবলৈ মানুহৰ লানি নিছিগা সোঁত বৈছে গাঁওখনলৈ।
জানিব পৰা মতে উক্ত ছাগলী পোৱালিটোৰ মুখ, চকু, নাক অবিকল মানুহৰ দৰে। অৱশ্যে কাণ দুখন ছাগলীৰ দৰেই। আনহাতে চাৰিখন ঠেঙৰ পৰিৱৰ্তে ছাগলীৰ পোৱালিটোৰ আৰু দুখন ঠেং।
ছাগলীটোৰ গৰাকীয়ে জনোৱা মতে, সোমবাৰে জন্ম হোৱা ছাগলী পোৱালিটো দেখি প্ৰথমে ভয় খাই যায় তেওঁ। অৱশ্যে পোৱালিটো বেছি সময় জীয়াই নাথাকে৷ পৰিপুষ্ট আৰু স্বাভাবিকভাবে বৃদ্ধি নোপোৱাৰ বাবে এনে অদ্ভুত আকাৰৰ হোৱা বুলি মত স্থানীয় পশু চিকিৎসকসকলৰ।













