![]()
মনোৰঞ্জনঃ
বলীউড অভিনেতা অজয় দেৱগণ তেওঁৰ উজ্জ্বল একচন দৃশ্য আৰু আহিবলগীয়া ছবিসমূহৰ বাবে বাতৰিৰ শিৰোনাম দখল কৰি আহিছে। তেওঁ প্ৰায়ে তেওঁৰ পেছাদাৰী জীৱনৰ সৈতে সম্পৰ্কিত আপডেটবোৰ সামাজিক মাধ্যম যোগে অনুৰাগীসকলক জনাই আহিছে। মঙলবাৰে অভিনেতাগৰাকীয়ে ইনষ্টাগ্ৰামত এখন ফটো শ্বেয়াৰ কৰিছিল, য’ত তেওঁক এফালে আৰু আনফালে তেওঁৰ পুত্ৰ যুগক দেখা গৈছে।
পিতাৰ বাটেৰেই যেন চলিছে এতিয়া পুত্ৰ। অভিনেতা অজয় দেৱগণে শ্বেয়াৰ কৰা ফটোখনত দেখা যায় যে, পিতৃ আৰু পুত্ৰৰ যুটিটোৱে কেমেৰাৰ পিছফালৰ পৰা দৃশ্যগ্ৰহণ কৰা দৃশ্যটো চাই আছে। পিতা-পুত্ৰক প্ৰায় একেটা ধৰণেই ফটোখনত দেখিবলৈ পোৱা গৈছে। অজয় দেৱগনৰ এই ফটোখন তেওঁৰ পৰিচালিত ছবি “ৰানৱে ৩৪” ৰ ছেটৰ পৰা আহিছে। কিন্তু অভিনেতাজনে নিজ পুত্ৰ যুগৰ এই ফটোখনৰ বিষয়ে কোনোধৰণৰ তথ্য প্ৰদান কৰা নাই। লগতে, অনুৰাগীসকলে ফটোখনত বিভিন্ন ধৰণে মন্তব্য কৰি প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে। এই ফটোখন ইনষ্টাগ্ৰামত শ্বেয়াৰ কৰি, তেওঁ “স্পট দ্য ডিফাৰেন্স” হিচাবে শিৰোনাম দিয়ে।













