![]()
নিউজ ডেস্কঃ
পিএইচডি, স্নাতকোত্তৰ, স্নাতক, এমবিএ, ইঞ্জিনিয়াৰিং উত্তীৰ্ণ কাৰোৰে হাতত নাই চাকৰি। অৱশেষত উপায়ন্তৰ হৈ পিঅন, গাড়ীচালক, নিৰপত্তাৰক্ষীৰ পদতে চাকৰিৰ আবেদন কৰিলে প্রায় ১১ হাজাৰ প্রার্থীয়ে। অথচ শূন্যপদ মাত্র ১৫টা। পিঅন পদৰ বাবে শিক্ষাগত যোগ্যতা বিচৰা হৈছিল দশম শ্রেণী উত্তীৰ্ণ। কিন্তু যোগ্যতাৰ ন্যূনমত সীমাৰ কথা বাদ দি কর্মসংস্থাপনৰ বাবে জঁপিয়াই পৰে হাজাৰ হাজাৰ উচ্চশিক্ষিত যুৱক-যুৱতী।
মধ্যপ্রদেশৰ গোৱালিয়ৰত সম্প্রতি ১৫টা খালীপদ পূৰণৰ বাবে আবেদন আহ্বান কৰা হৈছিল। শনি আৰু দেওবাৰে আছিল উক্ত চাকৰিৰ পৰীক্ষা। কিন্তু কেৱল মধ্যপ্রদেশৰ পৰাই নহয়, উত্তৰ প্রদেশৰ পৰাও উক্ত চাকৰিৰ খবৰ পাই দৌৰি আহে পৰীক্ষার্থীসকল। পৰীক্ষা কেন্দ্রৰ বাহিৰত ৰ’দ মূৰত লৈ উপস্থিত হাজাৰ হাজাৰ চাকৰি প্রার্থী। নিবনুৱাৰ এই দৃশ্য দেখি অবাক সকলো।
উল্লেখ্য, মধ্যপ্রদেশৰ মুখ্যমন্ত্রী শিৱৰাজ সিং চৌহানে কেইমাহমান পূৰ্বে প্রতিশ্রুতি দিছিল যে ৰাজ্যখনত প্রতি বছৰে ১ লাখ কর্মচাৰী নিয়োগ কৰা হ’ব। অৱশ্যে পিছত তেওঁৰ বক্তব্য, ‘সকলোৱেই চৰকাৰী চাকৰি বিচাৰে যদিও সকলোকে দিয়াটো সম্ভৱ নহয়।’ পৰিসংখ্যা মতে, ৰাজ্যখনৰ বিভিন্ন বিভাগ মিলাই মুঠ শূন্যপদ প্রায় ১ লাখ। আনহাতে, নিবনুৱাৰ সংখ্যা ৩২ লাখ ৫৭ হাজাৰ ১৩৬।













