![]()
নিউজ ডেস্কঃ
২০ দিন পিছত দেশৰ দৈনিক কোভিড সংক্রমণ পুনৰ ৯ হাজাৰ অতিক্ৰম কৰিলে। বিগত ২৪ ঘণ্টাত দেশত আক্রান্ত হৈছে ৯ হাজাৰ ১৯৫ জন।
অৰ্থাৎ বুধবাৰে দেশৰ দৈনিক আক্রান্ত মঙ্গলবাৰৰ তুলনাত প্ৰায় ৪৪ শতাংশ বেছি। এই পৰিস্থিতিত উদ্বেগ বঢ়াইছে ওমিক্রনত আক্রান্তৰ সংখ্যা বৃদ্ধিয়ে। মহাৰাষ্ট্র আৰু দিল্লীত বাঢ়িছে সংক্রমিতৰ সংখ্যা। কেন্দ্রীয় স্বাস্থ্য মন্ত্রালয়ৰ পৰিসংখ্যা অনুসৰি, দেশত মুঠ আক্রান্ত ৩ কোটি ৪৮ লক্ষ ৮ হাজাৰ ৮৮৬।
আনহাতে, দেশত এই পর্যন্ত ওমিক্রনত আক্রান্ত হৈছে ৭৮১ জন। ইয়াৰ ভিতৰত ২৩৮ জনেই দিল্লীত। মহাৰাষ্ট্রত ওমিক্রনত আক্রান্ত হৈছে ১৬৭ জন। আনহাতে, দিল্লীত দৈনিক আক্রান্ত হৈছে ৫০০ৰ ওচৰত। মহাৰাষ্ট্রতো সেয়া দুহাজাৰ অতিক্ৰম কৰিছে।
গুজৰাট (৭৩), কেৰালা (৬৫), তেলেঙ্গানা (৬২), ৰাজস্থান (৪৬), কর্নাটক (৩৪), তামিলনাডুত (৩৪) ওমিক্রন আক্রান্তৰ সংখ্যা উল্লেখযোগ্য। পশ্চিমবঙ্গত এই পর্যন্ত ওমিক্রনত আক্রান্ত হৈছে ১১ জন। দেশত ৭৮১ জন ওমিক্রন আক্রান্তৰ ভিতৰত সুস্থ হৈ উঠিছে ২৪১ জন।
বিগত ২৪ ঘণ্টাত দেশত বৃদ্ধি পাইছে সক্রিয় ৰোগী। দেশত বৰ্তমান সক্রিয় ৰোগী আছে ৭৭ হাজাৰ ২ জন।













