![]()
নিউজ ডেস্কঃ
ৰূপহীহাটৰ শিঙিমাৰীত সংঘটিত এক পথ দুৰ্ঘটনাত থিতাতে নিহত হয় তেজপুৰৰ নিবাসী ফাৰহানা আক্তাৰা। এখন তীব্ৰ বেগী ডাম্পাৰে মহতিয়াই নিয়াৰ ফলত আঘাতপ্ৰাপ্ত হয় বাইক আৰোহী নুৰুল হুদা আৰু মহিলাগৰাকী। ঘটনাস্থলীত আৰক্ষী অধীক্ষক আনন্দ মিশ্ৰা উপস্থিত হৈ নুৰুল হুদাক উন্নত চিকিৎসাৰ বাবে নগাঁৱলৈ প্ৰেৰণ কৰে।
দুৰ্ঘটনা সংঘটিত কৰা ডাম্পাৰখন তীব্ৰ বেগে পলাবলৈ চেষ্টা কৰে যদিও আমবাগান আৰক্ষীয়ে গাড়ীখন জব্দ কৰিবলৈ সক্ষম হয় । ডাম্পাৰ খনৰ নম্বৰ এএছ-০১ এমচি ৮৮১৬ আৰু বাইকৰ নম্বৰ এএছ ১২ ইউ ৫২৮৬ ৷ আনহাতে ঘটনাস্থলীত ৰূপহীহাট আৰক্ষী উপস্থিত হৈ মৃতদেহটো উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে নগাঁৱলৈ প্ৰেৰণ কৰি তদন্ত আৰম্ভ কৰিছে ।













