![]()
মনোৰঞ্জনঃ
বলীউড ছবিৰ বহু জনপ্ৰিয় অভিনেতাই একেটা নামেৰে ভিন্ন চৰিত্ৰ ৰূপায়ণ কৰিছে। দৰ্শকৰ বাবে সেই নামটো শুনাৰ লগে লগে যেন নিৰ্দ্দিষ্ট এগৰাকী অভিনেতালৈহে পৰিছিল। একেটা নাম ব্যৱহাৰ কৰা এই অভিনেতা কেইজন কোন, চাওচোন আহকঃ
অমিতাভ বচ্চনঃ অমিতাভ বচ্চনক বলীউডৰ আটাইতকৈ জ্যেষ্ঠ অভিনেতা হিচাপে গণ্য কৰা হয়। তেওঁক মহানায়ক বুলিও জনা যায়। বিগ বিয়ে একে নামৰ চৰিত্ৰত অভিনয় কৰাৰ ক্ষেত্ৰত শীৰ্ষস্থানত আছে। তেওঁ মুঠ ২১ খন চলচ্চিত্ৰত “বিজয়” নামেৰে চৰিত্ৰ ৰূপায়ণ কৰিছে।
ছলমান খানঃ ছলমান খান, যাক বলীউডৰ দাবাং বুলি কোৱা হয়, “মেনে প্যাৰ কিয়া” ছবিখনৰ সৈতে তেওঁ নিজ চলচ্চিত্ৰ কেৰিয়াৰৰ আৰম্ভণি কৰিছিল। এই ছবিখনত তেওঁৰ নাম আছিল “প্ৰেম”। তেওঁ প্ৰথম ছবিৰ পৰা মুঠ ১৫ খন চলচ্চিত্ৰত “প্ৰেম” ৰ চৰিত্ৰত অভিনয় কৰিছে।
অজয় দেৱগনঃ অজয় দেৱগন তেওঁৰ বহুমুখী অভিনয়ৰ বাবে জনাজাত। অজয় দেৱগণে “ফুল ঔৰ কাণ্টে” চলচ্চিত্ৰৰ জৰিয়তে বলীউডত আত্মপ্ৰকাশ কৰিছিল। প্ৰথম খন চলচ্চিত্ৰত তেওঁৰ নাম আছিল “অজয়”। তেওঁ এতিয়ালৈকে ১১ খন চলচ্চিত্ৰত “অজয়” ৰ চৰিত্ৰত অভিনয় কৰিছে।
অক্ষয় কুমাৰঃ অমিতাভ বচ্চনৰ দৰে অক্ষয় কুমাৰেও বহুতো চলচ্চিত্ৰত “বিজয়”ৰ চৰিত্ৰত অভিনয় কৰিছে। “বিজয়” চৰিত্ৰটোৰ সৈতে অক্ষয়ৰ মুঠ ছবিৰ সংখ্যা হৈছে ৮ খন।
শ্বাহৰুখ খানঃ “দিৱানা” ৰ জৰিয়তে বলীউডত আত্মপ্ৰকাশ কৰা শ্বাহৰুখ খানক বলীউডৰ কিং বুলি কোৱা হয়। তেওঁ ৭ খন চলচ্চিত্ৰত ৰাহুলৰ চৰিত্ৰত অভিনয় কৰিছে। ইয়াত দিল তো পাগল হে, কুছ কুছ হোতা আৰু কভি খুশী কভি গম ৰ দৰে ছবি অন্তৰ্ভুক্ত আছে।













