![]()
নিউজ ডেস্কঃ
প্রায় দুমাহ পিছত পুনৰ ১৩ হাজাৰৰ ঘৰত উপনীত হ’ল দেশৰ দৈনিক কোভিড সংক্রমণ। বিগত ২৪ ঘণ্টাত দেশত আক্রান্ত হৈছে ১৩ হাজাৰ ১৫৪ জন। আনহাতে, দেশত ওমিক্রনত আক্রান্ত হৈছে ৯৬১ জন। দিল্লী আৰু মহাৰাষ্ট্রত ওমিক্রনে আক্রান্তৰ সংখ্যা সকলোতকৈ বেছি। দিল্লীত ২৬৩ জন আৰু মহাৰাষ্ট্রত ২৫২ জন আক্রান্ত কৰোনা ভাইৰাছৰ এই নতুন প্ৰজাতিত।
ওমিক্রন আক্রান্তৰ হিচাবত ক্রমান্বয়ে আছে গুজৰাট (৯৭), ৰাজস্থান (৬৯), কেৰালা (৬৫), তেলেঙ্গানা (৬২), তামিলনাডু (৪৫), কর্নাটক (৩৪), অন্ধ্রপ্রদেশ (১৬), হাৰিয়ানা (১২) আৰু পশ্চিমবঙ্গ (১১)।৯৬১ জনৰ ভিতৰত ৩২০ জন ওমিক্রন আক্রান্ত ইতিমধ্যেই সুস্থ হৈ উঠিছে।













