![]()
নিউজ ডেস্কঃ
জম্মু-কাশ্মীৰত দুটি পৃথক সংঘর্ষত নিহত ছয় সন্ত্ৰাসবাদী। তাৰ মাজত আছে দুই পাকিস্তানী সন্ত্ৰাসবাদী। বৃহস্পতিবাৰে এই খবৰ জনাইছে কাশ্মীৰ আৰক্ষীয়ে।
আৰক্ষী সূত্র মতে, কুলগাম আৰু অনন্তনাগ জিলাত দুটি পৃথক সংঘর্ষত এই সন্ত্ৰাসবাদীকেইটা নিহত হয়। কাশ্মীৰ আৰক্ষীৰ ইনস্পেক্টৰ জেনেৰেল বিজয় কুমাৰে জনোৱা মতে, নিহত সন্ত্ৰাসবাদীকেইটা জইশ-ই-মহম্মদৰ। নিহত ছয় সন্ত্ৰাসবাদীৰ ভিতৰত চাৰিজনক চিনাক্ত কৰা হৈছে। তাৰে ভিতৰত দুজন পাকিস্তানী আৰু দুজন স্থানীয় উগ্ৰপন্থী। বাকি দুজনৰ পৰিচয় এতিয়ালৈকে জানিব পৰা হোৱা নাই। আৰক্ষীৰ ধাৰণা, নৱবর্ষৰ পূৰ্বে বৃহৎ কূটাঘাতৰ পৰিকল্পনা কৰিছিল সন্ত্ৰাসবাদীৰ দলটোৱে।
আ্হাতে, অনন্তনাগৰ নৌগামত তালাচী অভিযানৰ সময়ত এজন আৰক্ষী আহত হৈছে। তেওঁক উদ্ধাৰ কৰি স্থানীয় হস্পিটেলত ভৰ্তি কৰোৱা হৈছে৷













