![]()
নিউজ ডেস্কঃ
মহাৰাষ্ট্রত বিগত কেইবা দিনো ধৰি বাঢ়িছে কোভিড সংক্রমণ। ওমিক্রনত আক্রান্তৰ সংখ্যাৰ হিচাবত দিল্লীৰ পিছতেই আছে ৰাজ্যখন। নৱবৰ্ষৰ উৎসৱত জনসাধাৰণে যোগ দিলে আৰু শোচনীয় হ’ব পাৰে পৰিস্থিতি। সংক্রমণ ৰুধিবলৈ সেয়ে মুম্বাই চহৰত ১৪৪ ধাৰা জাৰিৰ সিদ্ধান্ত মুম্বাই আৰক্ষীৰ। ৩০ ডিচেম্বৰৰ পৰা আৰম্ভ এই বাধা-নিষেধ। চলিব অহা ৭ জানুৱাৰী পর্যন্ত।
৩০ ডিচেম্বৰৰ পৰা ৭ জানুৱাৰী পর্যন্ত মুম্বাইত আয়োজন কৰিব নোৱাৰিব কোনো অনুষ্ঠান। ঘৰতে হওক বা ৰেস্তোৰাঁ, বাৰ, পাব— ক’তো কোনো পার্টিৰ আয়োজন কৰিব নোৱাৰিব। লগতে নৱবৰ্ষৰ আদৰণী উৎসৱতো নিষেধাজ্ঞা জাৰি কৰা হৈছে। এই নির্দেশ অমান্য কৰিলে মহামাৰী আইন আৰু ভাৰতীয় দণ্ডবিধিৰ নির্দিষ্ট ধাৰাত ব্যৱস্থা গ্ৰহণ কৰিব বুলি আৰক্ষী সূত্ৰত প্ৰকাশ।













