![]()
নিউজ ডেস্কঃ
কাছাৰ জিলাৰ মাছিমপুৰ সেনা ছাউনীত সংঘটিত হৈছে এক আজৱ ঘটনা। ভুৱা নিযুক্তি পত্ৰ লৈ সীমান্ত সুৰক্ষা বাহিনীত যোগদান কৰিবলৈ আহিছিল উত্তৰ প্ৰদেশৰ তিনি যুৱক ক্ৰমে চন্দন সিং, অমিত কুমাৰ আৰু ছাহিল পাছোৱান।
যোৱা ২১ ডিচেম্বৰৰ দিনা উক্ত তিনি যুৱকে মাছিমপুৰ বিএছএফৰ প্ৰধান কাৰ্যালয়ত উপস্থিত হৈছিল আৰু প্ৰাথমিক তদম্তৰ পৰা জানিব পৰা গৈছিল যে তেওঁলোকৰ নিযুক্তি পত্ৰ জাল।
পাছত মাছিমপুৰ বিএসএফ কাৰ্যালয়ৰ পৰা অৰুণাচল আৰক্ষী চকীত এই তিন গৰাকী যুৱকৰ বিৰুদ্ধে ৰুজু কৰা এক গোচৰৰ ভিত্তিত আৰক্ষীয়ে তেওঁলোকক গ্ৰেপ্তাৰ কৰে । জানিব পৰা মতে, শিলিগুৰিৰ এক প্ৰবঞ্চকে ২১ লাখ টকা লৈ জাল নিযুক্তি পত্ৰ দিছিল তেওঁলোকক । ধৃত কেইজন যুৱকক আৰক্ষীয়ে সোধপোচ অব্যাহত ৰাখিছে।













