![]()
নিউজ ডেস্কঃ
যেন মাতৃত্বৰ অনন্য নিদৰ্শন! এই ব্যতিক্ৰমী ঘটনা ঘটিছে পশ্চিমবংগৰ পূব বর্ধমান জিলাত। য’ত এটি কুকুৰে নিজৰ স্তনপান কৰাই প্রাণ বচালে এটি ছাগলীৰ।
জানিব পৰা মতে, খাৰজুলি গাঁৱৰ বাসিন্দা শ্বেখ ফিৰোজৰ ঘৰত এটি ছাগলীয়ে ৭ দিনমান পূৰ্বে সন্তান প্রসৱ কৰে। কিন্তু ছাগলীৰ পোৱালিটোক মাকে স্তনপান কৰিব নিদিয়াত সমস্যাত পৰে ফিৰোজ। কাৰণ মাতৃ ছাগলীটোৰ স্তনত গাখীৰ অহা নাছিল। ফলত গাখীৰ নাপাই ছাগলী পোৱালিটোৰ আধা মৰা অৱস্থা হয়৷ তেতিয়াই সহায় কৰিবলৈ আগবাঢ়ি আহে প্রতিবেশী তাহাসিন নামৰ দ্বিতীয় শ্রেণীত পঢ়া এটি শিশু।
তাহাসিনে এটি পথৰ কুকুৰক লালন-পালন কৰিছিল৷ কুকুৰটোৰ নাম দিছিল ‘টাইগাৰ’। সেই কুকুৰটোৰ গাত তাহাসিনে হাত বুলাই দিয়াৰ সময়তে ছাগলীৰ পোৱালিটোৱে কুকুৰটোৰ স্তনপান কৰে। দৈনিক দুবাৰ ছাগলীটোক তেনেদৰে স্তনপান কৰায় তাহাসিন আৰু টাইগাৰে।
বৰ্তমান ছাগলী পোৱালিটো সুস্থ৷ নিজৰ মাতৃৰ ওচৰলৈও যাব নিবিচাৰে। ‘টাইগাৰ’কেই নিজৰ মাতৃ হিচাবে ভাবি লৈছে।













