![]()
নিউজ ডেস্কঃ
ওমিক্রন আক্রান্তৰ সংখ্যা বৃদ্ধিয়ে কোভিডৰ তৃতীয় ঢৌৰ আশঙ্কা বৃদ্ধি কৰিছে। দিল্লী আৰু মহাৰাষ্ট্রত দৈনিক সংক্রমণ যেনেদৰে বাঢ়িছে তাক লৈও যথেষ্ট উদ্বেগ সৃষ্টি হৈছে। দেশৰ ভিতৰত ওমিক্রন আক্রান্ত সৰ্বাধিক দিল্লী আৰু মহাৰাষ্ট্রত। বিগত ২৪ ঘণ্টাত মহাৰাষ্ট্রত ১৯৮ জন নতুনকৈ ওমিক্রনত আক্রান্ত হৈছে। লগতে দৈনিক কৰোনা সংক্রমণো বৃদ্ধি হৈ হৈছে ৫ হাজাৰ ৩৬৮। যিটো বৃহস্পতিবাৰৰ তুলনাত ৩৭ শতাংশ বেছি।
মহাৰাষ্ট্রৰ ভিতৰত মুম্বাইৰ পৰিস্থিতিৰ দ্রুত অৱনতি ঘটিছে। ৰাজ্যখনত ১৯৮ জন নতুন ওমিক্রন আক্রান্তৰ ভিতৰত ১৯০ জনেই মুম্বাইৰ। বিগত ২৪ ঘণ্টাত দেশৰ বাণিজ্যনগৰীত আক্রান্ত হৈছে তিনি হাজাৰ ৬৭১ জন। যিটো বৃহস্পতিবাৰৰ তুলনাত ৪৬ শতাংশ বেছি।
মহাৰাষ্ট্রৰ দৰেই দ্রুততাৰে পৰিস্থিতিৰ অৱনতি হৈছে দেশৰ ৰাজধানীত। সাত মাহ পিছত দিল্লীত দৈনিক আক্রান্ত এক হাজাৰ পাৰ কৰিছে। বিগত ২৪ ঘণ্টাত ৰাজ্যখনত আক্রান্ত হৈছে এক হাজাৰ ৩১৩ জন। বিশেষজ্ঞসকলৰ মতে, এনেদৰে সংক্রমণ বৃদ্ধিয়ে বুজাই দিছে যে তৃতীয় ঢৌত পৰিস্থিতি কিমান অৱনতি হ’ব পাৰে।
দিল্লী আৰু মুম্বাইৰ লগতে দেশৰ অন্য বৃহৎ চহৰবোৰতো বিগত এটা সপ্তাহত দৈনিক আক্রান্ত বহুখিনি বাঢ়িছে। ইয়াৰ মাজত আছে কলকাতা, বেঙ্গালুৰু, চেন্নাই। গুজৰাটৰ আহমেদাবাদ, ৰাজকোট আৰু চুৰাটতো বিগত এসপ্তাহত উল্লেখযোগ্য হাৰত বাঢ়িছে কোভিড আক্রান্তৰ সংখ্যা।













