![]()
নিউজ ডেস্কঃ
শ্রীনগৰত ওৰে নিশাজুৰি চলে আৰক্ষী-সন্ত্ৰাসবাদীৰ সংঘৰ্ষ। ফলত নিহত হয় জইশ-ই-মহম্মদ নেতাসহ তিনি সন্ত্ৰাসবাদীৰ। ১৩ ডিচেম্বৰত আৰক্ষীৰ বাছত আক্ৰমণৰ ঘটনাত নিহত জইশ সন্ত্ৰাসবাদীকেইটা জড়িত আছিল বুলি কাশ্মীৰ আৰক্ষীৰ সূত্রত প্ৰকাশ। সংঘৰ্ষত এজন চিআৰপিএফ জোৱানসহ তিনিজন আৰক্ষীও আহত হয়।
উল্লেখ্য, যোৱা ১৩ ডিচেম্বৰত শ্রীনগৰৰ জেৱানৰ আৰক্ষী ছাউনিৰ ওচৰত আৰক্ষীৰ এখন বাছত আক্ৰমণ চলাইছিল সন্ত্ৰাসবাদীয়ে। উক্ত ঘটনাত তিনিজ আৰক্ষীৰ মৃত্যু হোৱাৰ লগতে আহত হয় বহুকেইজন। উক্ত আক্ৰমণৰ ঘটনাতে জড়িত আছিল জৈশ-ই-মহম্মদৰ নেতা চুহেল আহমেদ ৰাথৰ।













