![]()
নিউজ ডেস্কঃ
বিগত ২৪ ঘণ্টাত দেশত কৰোনাত আক্রান্ত হৈছে ১৬ হাজাৰ ৭৬৪ জন। কেন্দ্রীয় স্বাস্থ্য মন্ত্ৰালয়ৰ পৰিসংখ্যা অনুসৰি, দেশত মুঠ আক্রান্তৰ সংখ্যা ৩ কোটি ৪৮ লক্ষ ৩৮ হাজাৰ ৮০৪।
কৰোনা ভাইৰাছৰ অন্যান্য প্ৰজাতিৰ লগতে দেশত ওমিক্রনত আক্রান্তৰ সংখ্যাও বৃদ্ধি পাইছে। শুক্রবাৰে প্ৰকাশিত তথ্য মতে, দেশত এই পৰ্যন্ত ওমিক্রনত আক্রান্ত হৈছে ১ হাজাৰ ২৭০ জন। ইয়াৰ ভিতৰত ৩৭৪ জন ওমিক্রন আক্রান্ত এতিয়ালৈকে সুস্থ হৈছে। দেশৰ ভিতৰত মহাৰাষ্ট্রত ওমিক্রন আক্রান্তৰ সংখ্যা সৰ্বাধিক। ৰাজ্যখনত এই পর্যন্ত আক্রান্ত হৈছে ৪৫০ জন। ইয়াৰ পিছতেই আছে দিল্লী। দেশৰ ৰাজধানীত ৩২০ জন ওমিক্রনত আক্রান্ত হৈছে।
ইয়াৰ পিছত আছে ক্রমান্বয়ে কেৰালা (১০৯), গুজৰাট (৯৭), ৰাজস্থান (৬৯), তেলেঙ্গানা (৬২), তামিলনাডু (৪৬), কর্নাটক (৩৪), অন্ধ্রপ্রদেশ (১৬), হাৰিয়ানা (১৪), ওড়িশা (১৪) আৰু পশ্চিমবঙ্গ (১১)। ইয়াৰ উপৰি বহুকেইখন ৰাজ্যত ওমিক্রন আক্রান্তৰ সন্ধান পোৱা গৈছে।
আনহাতে, বিগত ২৪ ঘণ্টাত দেশত মৃত্যু হৈছে ২২০ জনৰ। যাৰ অধিকাংশই কেৰালাত।
কেন্দ্রীয় স্বাস্থ্য মন্ত্ৰালয়ৰ পৰিসংখ্যা অনুসাৰি, দেশত এতিয়ালৈকে কৰোনাত প্ৰাণ হেৰুৱাইছে মুঠ ৪ লক্ষ ৮১ হাজাৰ ৮০ জনে। ইফালে বিগত ২৪ ঘণ্টাত দেশত সক্রিয় ৰোগী বাঢ়িছে ৮ হাজাৰ ৯৫৯। দেশত বৰ্তমান সক্রিয় ৰোগী আছে ৯১ হাজাৰ ৩৬১ জন।













