![]()
নিউজ ডেস্কঃ
২০২১ বৰ্ষক বিদায় দিয়াৰ পূৰ্বে এবাৰ উভতি চাওঁ আহক বছৰটোত সংঘটিত দেশৰ কেইটামান বিশেষ ঘটনা৷
• কোভিড টীকাকৰণ : ২০১৯ৰ ডিচেম্বৰত চীনৰ য়ুহানত আত্মপ্রকাশৰ পিছত এটা বছৰ ধৰি কৰোনাৰ মৃত্যু যজ্ঞ। ২০২০ চনৰ শেষৰ ফালে বজাৰলৈ আহে কোভিড টীকা। ২০২১ চনৰ ১৬ জানুৱাৰীৰ পৰা ভাৰতত আৰম্ভ হয় টীকাকৰণ। প্রথম টীকা লাভ কৰে কোভিড যোদ্ধা, স্বাস্থ্যকর্মীসকলে। তাৰ পিছত ক্রমান্বয়ে প্রবীণ নাগৰিক আৰু অৱশেষত ১৮-৪০ বছৰ বয়সীয়াসকলক প্ৰদান কৰা হয়।
• লালকিল্লাত তাণ্ডৱ : তিনি কৃষি আইন প্রত্যাহাৰৰ দাবীত ২০২০ চনৰ নৱেম্বৰৰ পৰা দিল্লী সীমান্তত আন্দোলন আৰম্ভ কৰে প্ৰতিবাদী কৃষকসকলে। পৰিকল্পনা আছিল, চলিত বছৰৰ ২৬ জানুৱাৰীত লালকিল্লালৈ ট্ৰেক্টৰ সমদলৰ। তাত গৈ উত্থাপন কৰি কৃষি আইন প্ৰত্যাহাৰৰ দাবী। কিন্তু হঠাতে সৃষ্টি হয় বিশৃঙ্খল। লালকিল্লাত উঠি ৰাষ্ট্ৰীয় পতাকা নমাই উত্তোলন কৰা হয় নিচান সাহিব, শিখসকলৰ ধর্মীয় পতাকা। গ্রেপ্তাৰ হয় মূল অভিযুক্ত যুগৰাজসহ বহুকেইজন।
• কোভিডৰ দ্বিতীয় ঢৌ : বছৰটোৰ আৰম্ভণিতে সামান্য হ’লেও কমিছিল কৰোনা সংক্রমণ। কিন্তু মার্চৰ পৰা লেকামহীনভাৱে বৃদ্ধি হয় কোভিড সংক্রমণ। ৩০ এপ্রিলত দেশত দৈনিক আক্রান্তৰ সংখ্যাই চাৰি লাখৰ সীমা অতিক্ৰম কৰে। চলিত বছৰৰ ৪ মে’ত দেশত মুঠ আক্রান্তৰ সংখ্যাই দুই কোটিৰ সীমা পাৰ কৰে। ২৩ জুনত মুঠ সংক্ৰমণে পাৰ কৰে তিনি কোটিৰ সীমা। ইয়াৰ মাজতেই হস্পিটেলবোৰত অক্সিজেন সঙ্কটে চৰম ৰূপ ধাৰণ কৰে। দিল্লী, মুম্বাইসহ বিভিন্ন ডাঙৰ চহৰৰ হস্পিটেলবোৰত অক্সিজেনৰ অভাৱত মৃত্যুৰ মুখত পৰে শ শ লোক।
• পেগাছাছ : সংসদৰ গ্ৰীষ্মকালীন অধিবেশন আৰম্ভণিৰ আগদিনাই এটি অনলাইন প’ৰ্টেলে প্রতিবেদন প্রকাশ কৰি কয়, দেশত বিৰোধী নেতা, কেন্দ্রীয় মন্ত্রী, প্রাক্তন আমোলা, ন্যায়াধীশসকলৰ ফোনত গোপনে নজৰ ৰখা হৈছে ইজৰাইলী ছফ্টৱেৰ পেগাছাছৰ জৰিয়তে। তালিকাত নাম আছে ৰাহুল গান্ধী, অভিষেক বেনাৰ্জীৰ পৰা প্রশান্ত কিশোৰলৈকে। এই ছফ্টৱেৰ প্রস্তুতকাৰী কোম্পানীটোৱে জনায় যে একমাত্র কোনো দেশৰ চৰকাৰকহে এই প্রযুক্তি বিক্ৰী কৰা হয়। তাৰ পিছতেই অভিযোগৰ আঙুলি উঠে মোদী চৰকাৰৰ দিশে। তীব্ৰ হুলস্থুল লাগে গ্ৰীষ্মকালীন অধিবেশনত। মোদী চৰকাৰে এই অভিযোগ অস্বীকাৰ কৰে।
• আৰিয়ান খানৰ গ্রেপ্তাৰী : ২ অক্টোবৰৰ নিশা গোৱাগামী ক্ৰুইজত তালাচী চলায় এনচিবিয়ে। আটক হয় বহুকেইজন। পিছদিনা শ্বাহৰুখ–পুত্র আৰিয়ান, তেওঁৰ বন্ধু আৰবাজ মার্চেন্ট, মডেল–বন্ধু মুনমুন ধামিচাসহ সাতজনক গ্রেপ্তাৰ কৰা হয়। ৱাটছএপ চাটৰ ভিত্তিত তেওঁলোকৰ বিৰুদ্ধে ড্ৰাগছ সেৱন, লগত ৰখাৰ অভিযোগ আনে এনচিবিয়ে। গ্রেপ্তাৰকাৰী বিষয়া সমীৰ ৱাংখেড়েৰ বিৰুদ্ধে ঘোচ বিচৰাৰ অভিযোগ তোলে মহাৰাষ্ট্রৰ এগৰাকী মন্ত্রীয়ে। অৱশেষত ২৮ অক্টোবৰত জামিন লাভ কৰে আৰিয়ানে। আনহাতে, পর্ন ছবি নিৰ্মাণৰ অভিযোগত গ্রেপ্তাৰ হয় শিল্পা শেট্টিৰ স্বামী ৰাজ কুন্দ্রা। ছার্লিন চোপ্ৰা, পুনম পাণ্ডে আদিক পৰ্ন ভিডিঅ’ত অভিনয়ৰ টোপ দিয়াৰো অভিযোগ উঠে। অৱশেষত ছেপ্টেম্বৰৰ শেষত জামিনত মুক্ত হয় ৰাজ কুন্দ্ৰা।
• কৃষি আইন প্রত্যাহাৰ : ২০২০ চনত তিনি বিতর্কিত কৃষি আইন গৃহীত কৰে মোদী চৰকাৰে। দেশজুৰি আৰম্ভ হয় তুমুল বিক্ষোভ। নৱেম্বৰৰ শেষ ৰ পৰা দিল্লী সীমান্তত নিৰৱচ্ছিন্ন আন্দোলন আৰম্ভ কৰে কৃষকসকলে। সুদীর্ঘ আন্দোলনৰ ফলত প্রাণ হেৰুৱাবলগা হয় বহুকেইজন কৃষকে। কেন্দ্রই সংসদত জনায় যে মৃত্যুৰ হিচাব ৰখা হোৱা নাই। শীতকালীন অধিবেশনত তিনি কৃষি আইন প্রত্যাহাৰ বিধেয়ক গৃহীত কৰে কেন্দ্রই। বিৰোধীৰ আলোচনাৰ প্রস্তাৱ নাকচ কৰে চৰকাৰে। বিৰোধীৰ অভিযোগ, নতুন বছৰত পাঁচ ৰাজ্যৰ বিধানসভা নির্বাচনেই এই আইন প্ৰত্যাহাৰৰ কাৰণ। কেন্দ্রৰ আশ্বাসত সুদীর্ঘ এক বছৰ পিছত আন্দোলন প্রত্যাহাৰ কৰে কৃষকসকলে।
• ইন্ধনৰ ৰেকৰ্ড মূল্য : সমগ্ৰ বছৰ ধৰি মধ্যবিত্তক মাধমাৰ শোধায় পেট্র’ল আৰু ডিজেলৰ মূল্যই। আন্তর্জাতিক বজাৰত অপৰিশোধিত তেলৰ মূল্য কমিলেও ভাৰতত ক্রমে বৃদ্ধি পাই থাকে ইন্ধনৰ মূল্য। দেশৰ বহু চহৰত শতকৰ ঘৰ অতিক্ৰম কৰে ইন্ধনৰ মূল্যই। অসমতো পেট্ৰ’লৰ মূল্যই সৰ্বকালৰ ৰেকৰ্ড ভংগ কৰি শতকৰ ঘৰ অতিক্ৰম কৰে৷ অৱশেষত যেনিবা দেশত যোৱা ৪ নৱেম্বৰত একেলগে পেট্র’ল আৰু ডিজেলৰ মূল্য কমে। কেন্দ্রই পেট্র’ল আৰু ডিজেলত যথাক্রমে ৫ আৰু ১০ টকা উৎপাদন শুল্ক হ্রাস কৰাৰ সিদ্ধান্ত লোৱাৰ ফলত মূল্য হ্রাস পায়। পিছত অসমকে ধৰি আন কেইখনমান ৰাজ্যই পৃথকে ভেট কমায়।
• টুইটাৰত পৰাগ আৰু শ্বেনেলত লীনাৰ চিইঅ’ পদ : ব’ম্বে আইআইটিৰ প্রাক্তন ছাত্ৰ আৰু ষ্টেনফোর্ডৰ পৰা পিএইচডি ডিগ্ৰীধাৰী পৰাগ আগৰৱাল। টুইটাৰৰ চিইঅ’ পদৰ পৰা জেক ড’ৰ্ছে ইস্তফা দিয়াত উক্ত পদত আসীন হয় মুম্বাইৰ পৰাগ। সত্য নাডেলা, সুন্দৰ পিচাই, ইন্দ্রা নুয়িৰ পিছত আন্তর্জাতিক কোম্পানীৰ শীর্ষ পদত আৰু এগৰাকী ভাৰতীয়। পৰাগৰ প্রথম চাকৰি টুইটাৰতেই। তাৰ আগতে শিক্ষানবীশ হিচাবে কাম কৰিছে মাইক্র’ছফ্ট, য়াহু আৰু এটি এণ্ড টি লেবত।
এই বছৰতেই প্রসাধনী কোম্পানী শ্বেনেলৰ চিইঅ’ হয় আৰু এক ভাৰতীয় বংশোদ্ভৱ। নাম লীনা নায়াৰ। জন্ম কোলহপুৰত। কোম্পানীটোৰ প্রথম মহিলা আৰু কনিষ্ঠতম চিইঅ’ তেওঁ।
• বিপিন ৰাৱাটৰ হেলিকপ্টাৰ দুৰ্ঘটনা : ৮ ডিচেম্বৰত তামিলনাডুৰ কুন্নুৰৰ ওচৰত দুৰ্ঘটনাগ্ৰস্ত হয় সেনাবাহিনীৰ হেলিকপ্টাৰ। তাত আৰোহী আছিল ভাৰতীয় প্রতিৰক্ষা বাহিনীৰ প্রধান বিপিন ৰাৱাট, পত্নী মধুলিকা ৰাৱাটসহ আৰু ১২ জন সেনা বিষয়া আৰু কৰ্মচাৰী। ৱেলিংটনলৈ গৈছিল হেলিকপ্টাৰখন। গন্তব্য স্থানত উপনীত হোৱাৰ পূৰ্বেই ভূপতিত হয় হেলিকপ্টাৰখন। ঘটনাস্থলীৰ পৰা উদ্ধাৰ হয় ১৩ জনৰ মৃতদেহ। সাত দিন পিছত হস্পিটেলত মৃত্যু হয় গ্রুপ কেপ্টেইনৰ। ২০১৬-২০১৯ পর্যন্ত সেনাবাহিনীৰ প্রধান আছিল ৰাৱাট। সেই সময়ত সীমান্তত পাকিস্তানৰ বিৰুদ্ধে কঠোৰ নীতিক সমর্থন কৰি গৈছিল তেওঁ।
• ৬৯ বছৰ পিছত পুনৰ টাটাৰ হাতলৈ এয়াৰ ইণ্ডিয়া : ৬৮ বছৰ পিছত পুনৰ এয়াৰ ইণ্ডিয়াৰ মালিকানা যায় টাটা গ্ৰুপৰ হাতলৈ। প্রায় ১৮ হাজাৰ কোটি টকাত ৰাষ্ট্ৰীয়কৃত বিমান কোম্পানীটো ক্ৰয় কৰে ৰতন টাটাই। নিবিদা আগবঢ়াইছিল স্পাইচ জেটেও। ১৯৩০ চনত প্রথমবাৰ টাটা গ্ৰুপে বিমান উৰুৱাইছিল দেশত। অবিভক্ত ভাৰতত মুম্বাইৰ পৰা কৰাচীলৈ উৰিছিল সেই বিমান। অৱশ্যে এতিয়া ৭০ হাজাৰ কোটিৰ লোকচান হয় এয়াৰ ইণ্ডিয়াৰ।













