![]()
নিউজ ডেস্কঃ
নতুন বছৰৰ আৰম্ভণিতেই বেয়া খবৰ। কাটৰাৰ বৈষ্ণোদেৱী মন্দিৰত পদপিষ্ট হৈ মৃত্যু হৈছে অন্তত ১২ জনৰ। মৃতকৰ সংখ্যা বৃদ্ধি পাব পাৰে। আনহাতে, আহত হৈছে একাধিক লোক। আহতসকলক স্থানীয় নাৰায়ণী হস্পিটেলত ভৰ্তি কৰোৱা হৈছে। মন্দিৰ চৌহদত মোতায়েন কৰা হৈছে আৰক্ষী।
জম্মু-কাশ্মীৰ আৰক্ষীৰ ডিজি দিলবাগ সিঙে সংবাদ সংস্থা এএনআইক জনোৱা মতে, ‘‘বৈষ্ণোদেৱী মন্দিৰ চৌহদত পদপৃষ্ট হৈ অন্তত ১২ জনৰ মৃত্যু হৈছে। ১৩ জন আহত। প্রাথমিক তদন্তত আমি জানিব পাৰিছো যে নিশা ২.৪৫ বজাত উক্ত ঘটনাটো ঘটে। দর্শনার্থীসকলৰ দুটা দলৰ মাজত কথা কটাকাটি হয়। ইয়াৰ পিছতেই পৰস্পৰৰ ফালে খেদি যায়। যাৰ ফলত পদপৃষ্টৰ এই ঘটনা সংঘটিত হয়।’’

উল্লেখ্য, জম্মু-কাশ্মীৰৰ বৈষ্ণোদেৱী মন্দিৰত প্রতি বছৰে ৩১ ডিচেম্বৰ আৰু ১ জানুৱাৰীত অতিৰিক্ত জনসমাগম হয়। কাটৰাৰ পৰা খাজকাঢ়ি পাহাৰীয়া পথেৰে প্রায় ১৪-১৫ কিলোমিটাৰ যাবলগা হয় বৈষ্ণোদেৱীৰ দর্শন পোৱাৰ বাবে। বহুতেই উক্ত পথত ঘোঁড়া ব্যৱহাৰ কৰে। পাহাৰীয়া পথৰ প্রায় সম্পূৰ্ণখিনিয়েই ৰাস্তা হৈছে। কর্তৃপক্ষই জনোৱা মতে, মন্দিৰৰ ভিতৰত বৈষ্ণোদেৱীৰ মূর্তি য’ত আছে, সেই সঙ্কীর্ণ পথতেই ঠেলা-হেঁচা লাগে। তাৰ ফলতেই পদপৃষ্ট হোৱাৰ ঘটনাটো ঘটে।
এই ঘটনাত শোক প্রকাশ কৰিছে প্রধানমন্ত্রী নৰেন্দ্র মোদীয়ে। ক্ষতিপূৰণ দিয়াৰ কথাও ঘোষণা কৰিছে। লগতে শোক ব্যক্ত কৰিছে ৰাহুল গান্ধীয়েও।













