![]()
নিউজ ডেস্কঃ
বিগত ২৪ ঘণ্টাত দেশত কৰোনাত আক্রান্ত হৈছে ২২ হাজাৰ ৭৭৫ জন। শুক্রবাৰে আছিল ১৬ হাজাৰ ৭৬৪। অর্থাৎ শুক্রবাৰৰ তুলনাত শনিবাৰে ৩৫ শতাংশ বাঢ়িছে দেশৰ দৈনিক সংক্রমণ। কেন্দ্রীয় স্বাস্থ্য মন্ত্ৰালয়ৰ পৰিসংখ্যা অনুসৰি, দেশত মুঠ আক্রান্ত হৈছে ৩ কোটি ৪৮ লক্ষ ৬১ হাজাৰ ৫৭৯ জন।
কোভিড আক্রান্তৰ সমান্তৰালভাবে ওমিক্রনত আক্রান্তৰ সংখ্যাও বাঢ়িছে। দেশত ১ হাজাৰ ৪৩১ জন ইতিমধ্যেই ওমিক্রনত আক্রান্ত হৈছে। ২৩খন ৰাজ্যত ইতিমধ্যে বিয়পি পৰিছে ওমিক্ৰন। ওমিক্রন আক্রান্তৰ সংখ্যা সৰ্বাধিক মহাৰাষ্ট্রত (৪৫৪)৷ ৰাজধানী দিল্লীত ৩৫১ জন ওমিক্রনত আক্রান্ত হৈছে। ইয়াৰ পিছত আছে ক্রমান্বয়ে তামিলনাডু (১১৮), গুজৰাট (১১৫), কেৰালা (১০৯), ৰাজস্থান (৬৯), তেলেঙ্গানা (৬২), হাৰিয়ানা (৩৭), কর্নাটক (৩৪), অন্ধ্রপ্রদেশ (১৭), পশ্চিমবঙ্গ (১৭) আৰু ওড়িশা (১৪)। বাকী ৰাজ্যবোৰত ওমিক্রন আক্রান্তৰ সংখ্যা ১০ৰ কম।
আনহাতে, বিগত ২৪ ঘণ্টাত দেশত কৰোনাত মৃত্যু হৈছে ৪০৬ জন। ইয়াৰে অধিকাংশই কেৰালাত। ওমিক্রন আক্রান্তসকলৰ ভিতৰত দেশত প্রথম মৃত্যু হৈছে মহাৰাষ্ট্রত। বৰ্তমান দেশত সক্রিয় কৰোনা ৰোগী আছে ১ লক্ষ ৪ হাজাৰ ৭৮১ জন।













