![]()
নিউজ ডেস্কঃ
দেশবাসীক নৱবর্ষৰ শুভেচ্ছা জনালে প্রধানমন্ত্রী নৰেন্দ্র মোদী আৰু ৰাষ্ট্রপতি ৰামনাথ কোবিন্দে। শনিবাৰে পুৱা দেশবাসীৰ উদ্দেশ্যে টুইট কৰি প্রধানমন্ত্রীয়ে লিখিছে, ‘শুভ ২০২২। এই বছৰটোৱে আপোনালোকৰ বাবে আনক অনাবিল আনন্দ আৰু সুস্বাস্থ্য। আমি যেন প্রগতি আৰু সমৃদ্ধিৰ নতুন শিখৰত আৰোহণ কৰিব পাৰো আৰু আমাৰ মহান স্বাধীনতা সংগ্ৰামীসকলৰ স্বপ্ন পূৰণত অধিক কঠোৰ পৰিশ্রম কৰিব পাৰো।’
২০২২ চনৰ প্রথম টুইট বার্তাত প্রধানমন্ত্রীয়ে তেওঁৰ ‘মন কি বাত’ৰ সাম্প্রতিক পর্বৰ এটি ভিডিও শ্বেয়াৰ কৰিছে। তাত উত্তৰ প্রদেশৰ এটি এক্সপ্রেছৱেৰ ছবিৰ সৈতে তেওঁৰ বক্তৃতা আছে। দেশক উন্নয়নৰ নতুন উচ্চতালৈ লৈ যোৱাৰ বাবে প্রধানমন্ত্রীয়ে আবেদন জনাইছে, ‘ডাঙৰ কিবা ভাবক, ডাঙৰ সপোন দেখক আৰু নিজকে উৎসর্গ কৰক।’
https://twitter.com/i/status/1477088106209701892
আনহাতে, ৰাষ্ট্রপতি ৰামনাথ কোবিন্দে তেওঁৰ টুইট বার্তাত লিখিছে, ‘সকলোকে শুভ নৱবর্ষ জনালো। আহক আমি আমাৰ সমাজ আৰু দেশৰ সার্বিক উন্নয়নৰ সূচনা কৰাৰ সংকল্প লৈ নতুন বছৰক স্বাগতম জনালো। নতুন বছৰ ২০২২-এ আমাৰ জীৱনলৈ বোৱাই আনক সুখ, সুস্বাস্থ্য, সাফল্য, সমৃদ্ধি আৰু শান্তি।’













