![]()
নিউজ ডেস্কঃ
পুনৰ কমিল সোণৰ মূল্য। ইয়াকে লৈ বিদায়ী বছৰটোত ১২ বাৰ পতন হৈছে সোণৰ মূল্য। বছৰৰ শেষত ৰেকর্ড পতন হ’ল সোণৰ মূল্যৰ। আন্তর্জাতিক বজাৰ অনুযায়ী প্রতি ১০ গ্রামত ভাৰতীয় মুদ্রাত প্রায় ৯০০০ টকা কমে সোণৰ দাম। দামৰ এই পতন বিগত ৬ বছৰত সর্বোচ্চ। একেদৰে মূল্য কমিছে ৰূপৰো৷
বিশেষজ্ঞসকলৰ মতে, কৰোনা ৰনতুন প্ৰজাতি ওমিক্রনৰ আতংকত শ্বেয়াৰ বজাৰত প্ৰভাৱ পৰিছে। তাৰ ফলতেই সোণ-ৰূপৰ মূল্য কমা বুলি মত। নৱেম্বৰ মাহতো একেই কাৰণতে মূল্য কমিছিল।













