![]()
নিউজ ডেস্কঃ
১৫-১৮ বছৰ বয়সীয়াসকলৰ টীকাকৰণ এসপ্তাহৰ ভিতৰতেই সম্পূৰ্ণ হ’ব। এই ঘোষণা ৰাজ্যৰ স্বাস্থ্যমন্ত্রী কেশৱ মহন্তৰ। উল্লেখ্য, ৩ জানুৱাৰীৰ পৰা আৰম্ভ হ’বলগীয়া এই টীকাকৰণ অভিযানত ১৫-১৮ বছৰীয়াসকলক কোভেক্সিন টীকা দিয়া হ’ব৷ এই কথা জনাইছে স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তই।
আনহাতে, ৯ জানুৱাৰীৰ ভিতৰত এই টীকা প্ৰদান শেষ হোৱাৰ পিছত ১০ জানুৱাৰীৰ পৰা ষাঠি ঊর্ধ্ব, প্রথম শাৰীৰ কৰোনা যোদ্ধা আৰু স্বাস্থ্যকর্মীসকলৰ তৃতীয় পালি টীকাকৰণৰ কাম আৰম্ভ হ’ব বুলিও কয় স্বাস্থ্যমন্ত্ৰীয়ে।
ইফালে স্বাস্থ্য আৰু শিক্ষা বিভাগে যুটীয়াভাৱে ৰাজ্যজুৰি চলাব স্কুল আৰু কনিষ্ঠ মহাবিদ্যালয়বোৰত বিশেষ টীকাকৰণ অভিযান৷ টীকাকৰণ শিবিৰ অনুষ্ঠিত কৰি ছাত্ৰ-ছাত্ৰীসকলক প্ৰদান কৰা হ’ব টীকা। ১৫-১৮ বছৰৰ স্কুল-কলেজত নপঢ়াসকলে স্থানীয় টীকা কেন্দ্রৰ পৰাই ল’ব পাৰিব টীকা।
চৰকাৰৰ ঘোষণা মতে, অসমত ১৫-১৮ বছৰ বয়সৰ প্রায় ২ মিলিয়নক টীকা প্ৰদানৰ লক্ষ্য লোৱা হৈছে।













