![]()
নিউজ ডেস্কঃ
মহাৰাষ্ট্রত বিগত ২৪ ঘণ্টাত কৰোনাত আক্রান্তৰ সংখ্যাই ৮ হাজাৰ অতিক্ৰম কৰিছে। এই আক্রান্তসকলৰ ভিতৰত আছে মহাৰাষ্ট্রৰ ১০ মন্ত্রী আৰু ২০ জন বিধায়ক। বছৰৰ প্রথম দিনটোতে এই খবৰ জনাইছে ৰাজ্যখনৰ উপ-মুখ্যমন্ত্রী অজিত পাৱাৰে।
অজিত পাৱাৰে কয়, ‘‘এই পৰ্যন্ত ১০ জন মন্ত্রী আৰু ২০ জন বিধায়ক কৰোনা ভাইৰাছত আক্রান্ত হৈছে। ইয়াৰ বাবে বিধানসভা অধিবেশনৰ সময় কমাই দিয়া হৈছে। নতুন বছৰৰ উৎসৱত সকলোৱে চামিল হ’ব বিচাৰে। কিন্তু মনত ৰখা দৰকাৰ যে ওমিক্রন খুব দ্রুত গতিত বিয়পিছে। কিছু ৰাজ্যত পুনৰ নৈশ সান্ধ্য আইন জাৰি কৰা হৈছে। মহাৰাষ্ট্রতো মুম্বাই আৰু পুণেত আক্রান্তৰ সংখ্যা বাঢ়িছে।’’
তেওঁ লগতে কয়, ‘‘যদি আক্রান্তৰ সংখ্যা ক্রমাগতভাৱে বৃদ্ধি পাই থাকে তেনেহ’লে কঠোৰ বাধা-নিষেধ জাৰি কৰা হ’ব।’’













