![]()
নিউজ ডেস্কঃ
সম্প্রতি লণ্ডনত এক ঘটনা ঘটিছে এটি ব্যক্তিগত বেঙ্কৰ ক্ষেত্রত। যোৱা ২৫ ডিচেম্বৰত বৰদিনৰ উপহাৰ উপলক্ষে দুই হাজাৰ গ্রাহকৰ একাউন্টত এক নির্দিষ্ট পৰিমাণৰ টকা পঠাইছিল। কিন্তু প্রযুক্তিগত ক্রুটিৰ কাৰণে উক্ত গ্রাহকসকলৰ একাউন্টলৈ বিপুল পৰিমাণৰ টকা গুচি যায়।
টকাৰ পৰিমাণ ভাৰতীয় মুদ্রাত ১৩০০ কোটি টকা। এই বিপুল পৰিমাণৰ টকা গ্রাহকসকলৰ একাউন্টলৈ গুচি যোৱাত মূৰত বজ্ৰপাত পৰাৰ দৰে অৱস্থা হয় ছেনটেণ্ডাৰ নামৰ বেঙ্কটোৰ।
অতিৰিক্ত টকা গ্রাহকসকলে ঘূৰাই দিব নিবিচৰা বুলিও দাবী কৰিছে বেঙ্ক কর্তৃপক্ষই।
ব্রিটেইনৰ আইন মতে, যদি কোনো গ্রাহকৰ একাউন্টত ভুলবশত টকা সোমায় তেনেহ’লে সেয়া বেঙ্ক কৰ্তৃপক্ষই ঘূৰাই নিব পাৰে। গ্রাহকে যদি সেই টকা দিবলৈ অস্বীকাৰ কৰে তেনেহ’লে তেওঁৰ ১০ বছৰ কাৰাদণ্ড হ’ব পাৰে। ব্রিটেইনত ছেনটেণ্ডাৰ বেঙ্কৰ প্রায় এক কোটি ৪০ লক্ষ গ্রাহক আছে। আৰু ৬১৬টা শাখা আছে।













