![]()
নিউজ ডেস্কঃ
মাদাৰ টেৰেছা প্রতিষ্ঠিত সংস্থা মিছনাৰিজ অব চেৰিটিৰ বিদেশী টকা অনুদান লোৱাৰ লাইছেন্স পুনর্নবীকৰণ হোৱা নাই। ৩১ ডিচেম্বৰ পর্যন্ত ম্যাদ বৃদ্ধিৰ পিছত সেয়া বন্ধ হৈ যাব বুলি আগতেই জনাইছিল কেন্দ্রীয় গৃহ মন্ত্ৰালয়ে। এইবাৰ জানিব পৰা মতে, দেশৰ প্রায় ৬ হাজাৰ বেচৰকাৰী সংস্থাৰ ফৰেইন কনট্রিবিউচন (ৰেগুলেচন) এক্ট (এফচিআৰএ) পঞ্জীয়ন সম্প্ৰতি বাতিল হৈ গৈছে। ইয়াৰ ভিতৰত উল্লেখযোগ্য অক্সাম ইণ্ডিয়া ট্রাষ্ট, ইণ্ডিয়ান ইউথ চেন্টাৰ্ছ ট্রাষ্ট, জামিয়া মিলিয়া ইছলামিয়া, টিউবাৰকুলোচিছ এচোচিয়েচন অব ইণ্ডিয়া আছে বুলি জানিব পৰা গৈছে।
উল্লেখযোগ্য যে ২০২০ চনৰ ছেপ্টেম্বৰৰ পৰা ২০২১ চনৰ ছেপ্টেম্বৰ মাহ পর্যন্ত সময়ত যিবোৰ সংস্থাৰ এফচিআৰএ পঞ্জীয়নৰ ম্যাদ শেষ হয়, সেইবোৰক ৩১ ডিচেম্বৰ পর্যন্ত বিদেশী অনুদান লোৱাৰ অনুমতি দিয়া হৈছিল। অৱশ্যে বহু কেইটা সংস্থাৰ লাইছেন্সৰ ম্যাদ ২০২২ চনৰ ৩১ মার্চ পর্যন্ত বৃদ্ধি কৰা হৈছে।













