![]()
নিউজ ডেস্কঃ
মঙ্গলবাৰে কেন্দ্রীয় স্বাস্থ্য মন্ত্ৰালয়ে দিয়া ৰিপোর্ট অনুযায়ী, বিগত ২৪ ঘণ্টাত দেশজুৰি কোভিডত সংক্রমিত হৈছে ৩৭ হাজাৰ ৩৭৯ জন। মৃত্যু হৈছে ১২৪ জনৰ। সুস্থ হৈছে ১১ হাজাৰ ৭ জন। দেশত দৈনিক সুস্থতাৰ সংখ্যাৰ ৩ গুণৰো বেছি দৈনিক সংক্রমণ। যাৰ ফলত দ্ৰুত গতিত বাঢ়িছে সক্ৰিয় ৰোগী। সোমবাৰে সক্রিয় ৰোগীৰ সংখ্যা ১ লক্ষ ৪৫ হাজাৰ ৫৮২ৰ বিপৰীতে আজি হৈছে ১ লক্ষ ৭১ হাজাৰ ৮৩০। দৈনিক পজিটিভিটি ৰেট ৩.২৪ শতাংশ।
সকলোতকৈ শোচনীয় অৱস্থা মহাৰাষ্ট্রত। ৰাজ্যখনত বিগত ২৪ ঘণ্টাত আক্রান্ত হৈছে ১২ হাজাৰ ১৬০ জন। দ্বিতীয় স্থানত পশ্চিমবঙ্গ। আক্রান্ত হৈছে ৬ হাজাৰ ৮ জন। ইয়াৰ পিছত থকা দিল্লীত সংক্রমিত ৪ হাজাৰ ৯৯ জন। আনহাতে, দেশত ওমিক্রনত আক্রান্তৰ সংখ্যা বৃদ্ধি হৈ হৈছে ১ হাজাৰ ৮৯২।













