![]()
নিউজ ডেস্কঃ
ধুমুহাৰ গতিত বাঢ়িছে দেশত কৰোনাৰ দৈনিক সংক্রমণ। এইবাৰ এককোবে প্রায় ৫৫ শতাংশ বাঢ়িল দেশৰ দৈনিক সংক্রমণ।
মঙ্গলবাৰে দৈনিক সংক্রমণ আছিল ৩৭ হাজাৰ ৩৭৯। কিন্তু বিগত ২৪ ঘণ্টাত সেয়া ২১ হাজাৰৰো অধিক বাঢ়িছে। বুধবাৰৰ কেন্দ্রীয় স্বাস্থ্য মন্ত্রালয়ৰ ৰিপোর্ট অনুযায়ী, বিগত ২৪ ঘণ্টাত নতুনকৈ সংক্রমিত হৈছে ৫৮ হাজাৰ ৯৭ জন। মৃত্যুৰ সংখ্যা মঙ্গলবাৰৰ তুলনাত প্রায় ৪ গুণ বাঢ়িছে।
মঙ্গলবাৰে সমগ্ৰ দেশত কোভিডত মৃত্যুৰ সংখ্যা ১২৪ৰ বিপৰীতে বিগত ২৪ ঘণ্টাত মৃত্যু হৈছে ৫৩৪ জনৰ।
সংক্রমণৰ হাৰ বা পজিটিভিটি ৰেটো একেকোবে ৪.১৮ শতাংশত উপনীত হৈছে। সক্রিয় ৰোগীৰ সংখ্যা ২ লক্ষ অতিক্ৰম কৰি গৈছে। সমান্তৰালভাৱে বাঢ়িছে ওমিক্রনৰ সংখ্যাও। কেন্দ্রীয় স্বাস্থ্য মন্ত্রালয়ৰ ৰিপোর্ট অনুযায়ী, দেশত মুঠ ওমিক্রন আক্রান্তৰ সংখ্যা ২ হাজাৰ ১৩৫। তাৰ ভিতৰত ৬৫৩ জন মহাৰাষ্ট্রত। সোমবাৰে মহাৰাষ্ট্রত কোভিড আক্রান্তৰ সংখ্যা ১২ হাজাৰ ১৬০ জনৰ বিপৰীতে মঙ্গলবাৰে একেকোবে আক্রান্তৰ সংখ্যা বৃদ্ধি হৈ হৈছে ১৮ হাজাৰ ৪৬৬ জন। মুম্বাইত মঙ্গলবাৰে মুঠ আক্রান্তৰ সংখ্যা ১০ হাজাৰ ৮৬০। আনহাতে, দিল্লীত ওমিক্রন আক্রান্তৰ সংখ্যা হৈছে ৪৬৪।













