![]()
নিউজ ডেস্কঃ
যানজঁটৰ বাবে গন্তব্যস্থানতেই উপস্থিত হ’ব নোৱাৰিলে প্রধানমন্ত্রী নৰেন্দ্র মোদী। পঞ্জাবত এক কাৰ্যসূচীত অংশগ্ৰহণ কৰিবলৈ যোৱাৰ সময়ত যাত্রাপথতে এখন উৰণীয়া সেতুত প্রায় ১৫-২০ মিনিট ধৰি আবদ্ধ হ’বলগা হয় প্রধানমন্ত্রীৰ কনভয়। তাৰ পিছত তাৰ পৰা কনভয় ঘূৰাই বিমানবন্দৰলৈ উভতি আহিবলগা হয় তেওঁ।
সংবাদ সংস্থাৰ সূত্র মতে, মোদীৰ যাত্রাপথত পথ অৱৰোধ কৰিছিল এদল বিক্ষোভকাৰীয়ে। কিন্তু উক্ত বিক্ষোভৰ কাৰণ প্রধানমন্ত্রী নহয় বুলিও জানিব পৰা গৈছে। উক্ত ঘটনাৰ পিছত বিমানবন্দৰলৈ উভতি আহি বিষয়াসকলক উদ্দেশ্যি মোদীয়ে কয়, ‘‘বাচি যে ঘূৰি আহিব পাৰিছো, সেয়াই বহুত! ইয়াৰ বাবে মুখ্যমন্ত্রী (পঞ্জাবৰ মুখ্যমন্ত্রী)ক মোৰ হৈ ধন্যবাদ জনাব।’’
উল্লেখ্য, বুধবাৰে পঞ্জাবৰ হুছেইনিৱালাত ৰাষ্ট্ৰীয় শ্বহিদ স্মৃতিৰ এক কাৰ্যসূচী আছিল প্রধানমন্ত্রীৰ। পুৱা ভাতিণ্ডা বিমানবন্দৰত নামি হেলিকপ্টাৰেৰে গন্তব্য স্থানলৈ যোৱাৰ কথা আছিল তেওঁৰ। কিন্তু বেয়া বতৰৰ বাবে বিমানবন্দৰৰ পৰা গাড়ীৰেই ৰাওনা হয় তেওঁ। ইয়াৰ পিছত যাত্রাপথত এখন উৰণীয়া সেতুত উক্ত ঘটনাটো ঘটে।
ইফালে নিৰাপত্তাত গাফিলতিৰ বাবেই এই ঘটনা ঘটিছে বুলি এক বিবৃতিত স্পষ্টভাৱে জনাইছে কেন্দ্ৰীয় গৃহ মন্ত্রালয়ে। উক্ত ঘটনা সন্দৰ্ভত পঞ্জাবৰ চৰণজিৎ চন্নী চৰকাৰৰ পৰা সবিস্তাৰে ৰিপোর্টো তলব কৰা হৈছে।













