ছাইদুল ইছলাম:
ডিফু : ধৰ্ষণৰ বিৰুদ্ধে ভাৰতৰ আইন ব্যৱস্থাত কঠোৰ শাস্তিৰ বিধান থকাৰ পিছতো একাংশ নীচ প্ৰকৃতিৰ মানুহে নিজৰ কামনা আৰু লালসাৰ বাবে বিভিন্ন সময়ত ধৰ্ষণৰ দৰে জঘণ্য কাণ্ড সংঘটিত কৰি আহিছে ৷ আনকি ভুক্তভোগীক প্ৰাণে মাৰি পেলোৱাৰ নজিৰ এই দেশত অলেখ আছে ৷ একে ধৰণে ডিফুৰ ন্যায়িক আদালতেও ধৰ্ষণৰ বিৰুদ্ধে প্ৰদান কৰিছে এক ঐতিহাসিক ৰায়দান ৷
প্ৰাপ্ত খবৰ অনুসৰি ২০১১ চনত কাৰবি আংলং জিলাৰ সীমান্তৱৰ্তী এলেকা আঞ্জকপানীত সংঘটিত হোৱা এক ধৰ্ষণৰ অভিযুক্তক ডিফু ন্যায়িক আদালতে সাত বছৰৰ সশ্ৰম কাৰাদণ্ডৰ লগতে ১০ হাজাৰ টকাৰ জৰিমনাৰে দণ্ডিত কৰিছে ৷ অভিযুক্তই দহ হাজাৰ টকা আদায় দিব নোৱাৰিলে অতিৰিক্ত তিনিমাহৰ কাৰাদণ্ডৰে দণ্ডিত হ’বলাগিব বুলি জানিব পৰা গৈছে ৷
অতিৰিক্ত লোক অধিবক্তা সঞ্জয় যাদৱে সাংবাদিকক জানিবলৈ দিয়া অনুসৰি ২০১১ চনৰ পহিলা জানুৱাৰীৰ দিনা সন্ধিয়া প্ৰায় ছয় বজাত দোকানৰ পৰা নিজ ঘৰ অভিমূখে গৈ থকা অৱস্থাত কোনো নথকাৰ সুযোগলৈ চন্দন কৰ্মকাৰ নামৰ যুৱকজনে মহিলাগৰাকীৰ মুখত সোপা দি ধৰ্ষণ কৰে ৷ এই বিষয়ে পিছত মহিলাগৰাকীৰ পৰিয়ালক অৱগত কৰাত ধৰ্ষণৰ বলি হোৱা মহিলাগৰাকীৰ ভাতৃয়ে আঞ্জকপানী থানাত এক গোছৰ পঞ্জীয়ন কৰে ৷
উক্ত গোছৰৰ ভিত্তিত বিগত প্ৰায় ১০ বছৰ ধৰি চলা বিচাৰৰ অন্তত যোৱা মঙলবাৰে সহকাৰী সত্ৰ ন্যায়াধীশ এম এইছ আনচাৰীৰ আদালতে অভিযুক্তক সাত বছৰৰ সশ্ৰম কাৰাদণ্ডৰে দণ্ডিত কৰাৰ লগতে ১০ হাজাৰ টকাৰ জৰিমনা আদায় দিয়াৰ নিৰ্দেশ দিয়ে ৷
গোছৰীয়া পক্ষৰ হৈ যুক্তি দৰ্শায় অতিৰিক্ত লোক অধিবক্তা সঞ্জয় যাদৱ আৰু প্ৰতিপক্ষৰহৈ একালতি কৰিছিল ছাৰ্থে ৰংহীয়ে ৷ ধৰ্ষণৰ বিৰুদ্ধে ডিফু ন্যায়িক আদালতে দিয়া উক্ত ঐতিহাসিক ৰায়দানে পাহাৰীয়া জিলাখনৰ বাবে ভাল খবৰ বুলি সচেতন মহলে সন্তুষ্টি প্ৰকাশ কৰিছে ৷