স্বাস্থ্য প্ৰতিবেদন:
সৰিয়হ হ’ল গুণৰ ভাণ্ডাৰ। ১১ গ্ৰাম ওজনৰ সৰিয়হৰ গুটিত থাকেঃ কেল’ৰি ৫২, প্ৰ’টিন (৩.২ গ্ৰাম, ৪৬ শতাংশ), কাৰ্ব’হাইড্ৰেট (২.৯ গ্ৰাম, ২১ শতাংশ), ফেট (০.৩ গ্ৰাম), এণ্টিঅক্সিডেণ্ট, ডায়েটেৰী ফাইবাৰ, বহু কেইবিধ ভিটামিন ইয়াত থাকে। কলেষ্ট’ৰেলৰ পৰিমাণ হ’ল শূন্য।
সৰিয়হত থকা ভিটামিনসমূহ :
ফ’লেট, নিয়াচিন, পেণ্টথেনিক এচিড, পাইৰিডক্সিন, ৰাইবোফ্লেভিন, থায়ামিন, ভিটামিন-এ, ভিটামিন-চি, ভিটামিন-কে আৰু ভিটামিন-ই গামা টক’ফেৰল।
ইলেকট্ৰ’লাইট হ’লঃ
প’টেছিয়াম ১৬ শতাংশ আৰু ছ’ডিয়াম ১ শতাংশ। খনিজ তত্ত্বসমূহ হ’লঃ কেলচিয়াম, আইৰণ, মেংগানিজ, মেগনেছিয়াম, ক’পাৰ, জিংক, ফছফৰাছ, ছালফাৰ আৰু চেলেনিয়াম।
ফাইটো-নিউট্ৰিয়েণ্ট হ’লঃ
কেৰ’টিন-বি, ক্ৰিপ্টঝেনথিন-বিটা, লিউটেন-ঝিয়াঝেনথিন।
সৰিয়হৰ বহুমুখী উপকাৰিতা :
১) কৰ্কট ৰোগ প্ৰতিৰোধক– ২০১০ চনৰ ‘কাৰচিনোজনেচিচ’আলোচনীত প্ৰকাশিত তথ্যমতে সৰিয়হৰ বীজত থকা Allyil Isothiocyanate (AITC) নামৰ তত্ত্বই কেন্সাৰ কোষৰ বৃদ্ধিত বাধা দিয়ে। ফাইটো-নিউট্ৰিয়েণ্ট (Glucosinolates আৰু Microsinase)সমূহে কৰ্কটৰোগ প্ৰতিৰোধ কৰাত অনবদ্য ভূমিকা লয়। সেয়ে পাকস্থলীৰ, মূত্ৰাশয়ৰ আৰু জৰায়ুৰ কৰ্কট ৰোগীৰ ক্ষেত্ৰত ইয়াৰ প্ৰয়োগ আৰম্ভ কৰা হৈছে।
২) হাপানি ৰোগ আৰু আন শ্বাস ৰোগৰ উপশম ঘটোৱাত সহায়ক সৰিয়হত থকা চেলেনিয়াম আৰু মেগনেছিয়ামৰ এণ্টিইনফ্লেমেটৰী গুণৰ বাবে এয়া সম্ভৱপৰ।
৩) হৃদৰোগৰ পৰা সুৰক্ষা– সৰিয়হত থকা অ’মেগা-৩, ফেটি এচিডৰ বাবে এয়া সম্ভৱপৰ বুলি Cardiovascular Drugs and Therapy আলোচনীত প্ৰকাশ পাইছে। Myocardial Infarct আৰু Cardiac Arrtythmiaৰ সম্ভাৱনা কমায়।
সৰিয়হে তেজৰ কলেষ্ট’ৰেল আৰু ট্ৰাইগ্লিচাৰাইড কমায়।
৪) মেদবহুলতা হ্ৰাস কৰাত ভূমিকা- নিয়াচিন আৰু বি-ভিটামিন গোটৰ বাবে শৰীৰৰ সক্ৰিয়তা (মেটাবলিজম) বঢ়াৰ ফলত মেদ বহুলতা হ্ৰাস পায় বুলি Oxford Polytechnic Institute, Englandৰ প্ৰকাশিত তথ্য।
৫) মাইগ্ৰেইনৰ চিকিৎসা- অ’মেগা-৩, ফেটি এচিড আৰু মেগনেছিয়ামৰ বাবে এয়া সম্ভৱ।
৬) চৰ্মৰোগৰ চিকিৎসাত উপযোগী– চ’ৰিয়াচিচৰ দৰে অ’টো-ইমিউন ৰোগত সৰিয়হে সংক্ৰমণ হ্ৰাস কৰে (Journel of Dermatology)।
৭) চুলিৰ যতন ল’বলৈ ব্যৱহৃত চুলি সৰা, অকালতে পকা, উফি হোৱা, চুলি চুটি আদিৰ চিকিৎসাত সৰিয়হৰ তেল উপযোগী।
৮) স্নায়বিক দুৰ্বলতাৰ চিকিৎসা- ভিটামিন আৰু ট্ৰাইচ এলিমেণ্টৰ বাবে সেয়া সম্ভৱ।
৯) ডায়েবেটিছৰ চিকিৎসাত ভূমিকা- ইয়াৰ বাবে সৰিয়হৰ শাক অতিকৈ উপকাৰী। সৰিয়হৰ এণ্টি-অক্সিডেণ্টসমূহে ছুগাৰ মেটাবলিজমত সহায় কৰে।
১০) ৰজোনিবৃতিত প্ৰয়োগ- মেগনেছিয়াম আৰু কেলছিয়ামৰ উপস্থিতিয়ে মহিলাৰ ৰজোনিবৃতিৰ সময়ত হ’ব পৰা হাড়ৰ দুৰ্বলতা প্ৰতিৰোধ কৰে। বিশেষকৈ সৰিয়হৰ সেউজীয়া শাক সেই সময়ত খোৱা ভাল।
১১) তেজ বিশুদ্ধকৰণ।
১২) ড্ৰাগছৰ বিষক্ৰিয়া কমাবলৈ প্ৰয়োগ।
১৩) মদৰ অপকাৰিতা-নিচা কমাবলৈ।
১৪) দৃষ্টিশক্তিৰ উন্নতি সাধন- ভিটামিন-এৰ দ্বাৰা।
১৫ এণ্টিফাংগেল- ৰিং ৱৰ্মত লগালে উপশম পায়।
১৬) বাৰ্ধক্য ৰোধক- শৰীৰৰ অহিতকাৰী ফ্ৰি-ৰেডিকেল কমোৱাৰ ক্ষমতাৰ বাবে।
১৭) বাত বিষৰ চিকিৎসা- চেলেনিয়াম, মেগনেছিয়ামৰ এণ্টি-ইনফ্ৰেমেটৰী গুণৰ বাবে এয়া সম্ভৱপৰ।
১৮) পাইল্ছ, শৌচ কচা আদিৰ চিকিৎসাত উপযোগী।
১৯) ইমিউনিটি- এণ্টি-অক্সিডেণ্ট আৰু ভিটামিনে শৰীৰৰ ৰোগ প্ৰতিৰোধক ক্ষমতা বঢ়ায়।
২০) উচ্চ ৰক্তচাপত- সৰিয়হত থকা তত্ত্বসমূহে তেজৰ প্ৰবাহ সুচল ৰাখে। ৰক্তনলীত চৰ্বি জমা হ’ব নিদিয়ে। ভিটামিন-ই আৰু আন এণ্টি-অক্সিডেণ্টে অপকাৰী ফ্ৰি-ৰেডিকেলছৰ পৰা শৰীৰক মুক্ত কৰি ৰাখে। সৰিয়হত থকা প’টেয়িছামে হৃদগতি স্থিৰ ৰাখে। এইদৰে বহুমূখী ক্ৰিয়াৰ ফলত ৰক্তচাপ নিয়ন্ত্ৰণত সৰিয়হ সহায়ক সিদ্ধ হৈছে।
২১) সংক্ৰমণৰোধক।
২২) গা ধুবৰ সময়ত ছালত ঘঁহিবলৈ, দুৰ্গন্ধ বিনাশক হিচাপেও ব্যৱহৃত হয়।
২৩) সুনিদ্ৰাত সহায়ক- মেগনেছিয়ামৰ উপস্থিতিত নিদ্ৰাহীনতা আঁতৰ হয়।
২৪) জ্বৰ, চৰ্দি, বিষ।
২৫) ৰক্তকণিকা নিৰ্মাণত সহায়ক- আইৰণ, ক’পাৰ আদিয়ে এনিমিয়া আঁতৰ কৰে।
২৬) হাড় শক্তিশালী কৰে- কেলছিয়াম আৰু আন খনিজৰ উপস্থিতিৰ বাবে।