![]()
ছাইদুল ইছলাম:
ডিফু : অসমৰ নিউজ প’ৰ্টেল জগতত ভূমিষ্ট হ’ল আন এক ‘খবৰ ২৪৭’ নামৰ নিউজ প’ৰ্টেল ৷ নিৰ্ভিক আৰু নিৰপেক্ষ সংবাদ পৰিৱেশনৰ প্ৰতিশ্ৰুতিৰে মৰমী বৰাৰ সম্পাদনাত আজি পুৱা মাংগলিক কাৰ্যসূচীৰ অন্তত ডিফু প্ৰেছ ক্লাবত ডিফু প্ৰেছ ক্লাবৰ সাংবাদিকসকলৰ উপস্থিতিত শুভ উদ্বোধন কৰা হয় অসম ভিত্তিত প্ৰচাৰ হ’বলগীয়া নিউজ প’ৰ্টেল ‘খবৰ ২৪x৭ৰ ৷
আজি ডিফু ক্লাৱত এক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত বিশিষ্ট সাহিত্যিক, সাংবাদিক তথা ডিফু, প্ৰেছ ক্লাৱৰ সভাপতি বৰছিং ৰংফাৰে ডিফু প্ৰেছ ক্লাৱৰ কাৰ্যালয় সম্পাদক প্ৰদীপ ইংলেঙে আঁতধৰা সভাখনত ফিতা কাটি ‘খবৰ ২৪x৭’ৰ শুভ উদ্ধোধন কৰে ৷ এ
ই উপলক্ষে বন্তি প্ৰজলন কৰে ডিফু প্ৰেছ ক্লাৱৰ প্ৰাক্তন সম্পাদক সুশান্ত ৰয়ে ৷ অতি শীঘ্ৰে ‘খবৰ ২৪x৭’ৰ সমূহ নিৰপেক্ষ আৰু নিৰ্ভিক বাতৰিসমূহ, ফেইছ বুক, ইনষ্টাগ্ৰাম আৰু গুগলত আৰু ইউটিউবত উপলব্দ হ’ব বুলি জানিব পৰা গৈছে ৷












