ASSAM TIMES POST
গুৱাহাটীঃ নতুন দিল্লীস্থিত জৱাহৰলাল নেহৰু বিশ্ববিদ্যালয়ত অধ্যয়নৰত উত্তৰ পূৰ্বাঞ্চলৰ ছাত্ৰ-ছাত্ৰীসকলৰ বাবে ২২৪ টা কোঠালিৰ পৃথক হোষ্টেল নিৰ্মাণৰ কাম আৰম্ভ হোৱাৰ কথা শেহতীয়াভাৱে সদৰী কৰিলে ড’নাৰ মন্ত্ৰী জিতেন্দ্ৰ সিঙে।
তেওঁ জনোৱা অনুসৰি, ইয়াত মুঠ বিছনা থাকিব ৪২৪ খন। য’ত থাকিব পাৰিব উত্তৰ পূবৰ ২০০ ছাত্ৰ আৰু ২০০ ছাত্ৰী। ইফালে বাকী ২৪ খন বিছনা ২৪ টা কোঠালিত দিব্যাংগ ছাত্ৰ-ছাত্ৰীসকলৰ কাৰণে সংৰক্ষণ কৰা যাব।
শেহতীয়াকৈ মন্ত্ৰীজনে দ্বাৰকাত নিৰ্মাণ হোৱা উত্তৰ পূব সাংস্কৃতিক আৰু তথ্য কেন্দ্ৰৰো কাম-কাজৰ অগ্ৰগতিৰ বুজ লয়। ইয়াত উত্তৰ পূব ভাৰতৰ আঠোখন ৰাজ্যৰ সংস্কৃতিকে ধৰি সকলোবোৰ যাৱতীয় তথ্য উপলব্ধ হ’ব।












