ASSAM TIMES POST
গুৱাহাটীঃ অহা ২১ অক্টোবৰত অনুষ্ঠিতব্য ৰাজ্যৰ চাৰি বিধান সভা সমষ্টিৰ উপ-নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিবলৈ ভাৰতীয় জনতা পাৰ্টিয়ে দেওবাৰে প্ৰাৰ্থীৰ তালিকা চূড়ান্ত কৰে।
সেই অনুসৰি ১ নং ৰাতাবাৰী (অনুসূচিত জাতিৰ প্ৰাৰ্থীৰ বাবে সংৰক্ষিত) সমষ্টিত বিজয় মালাকাৰ, ৪৪ নং জনিয়া সমষ্টিত তৌফিকুৰ ৰহমান, ৭৪ নং ৰঙাপৰা সমষ্টিত ৰাজেন বৰঠাকুৰ আৰু ১০৬ নং সোণাৰি সমষ্টিত নৱনীতা সন্দিকৈয়ে প্ৰতিদ্বন্দ্বিতা কৰিব।
ভাৰতীয় জনতা পাৰ্টিৰ কেন্দ্ৰীয় নিৰ্বাচন সমিতিয়ে এই চাৰিজন প্ৰাৰ্থীৰ নাম চূড়ান্ত কৰে।












