ASSAM TIMES POST
ৰঙাপৰাঃ বহাগ আগমনৰ লগে লগে যিদৰে সকলোৰে মন মতলীয়া হৈ উঠে ভাদ মাহৰ আগমনে কহুৱা ফুলৰ হালি যালিয়ে চাহ জনগোষ্ঠীয় লোক সকলৰ সমাজ জীৱনতো এক উৎসৱমুখৰ পৰিবেশ সৃষ্টি কৰে কৰম উৎসৱে। কৰম উৎসৱ ভাৰতবৰ্ষৰ বিভিন্ন ঠাইৰ লগতে অসমতো ভাদ মাহত চাহ জনগোষ্ঠীয় লোক সকলে পালন কৰি আহিছে।
আজি বিয়লি ৩ বজাত চেচা চাহ বাগিছাৰ গনচেতনা সমাজ ও চেচা ডিপুটা লাইনৰ উদ্যোগত আৰু চেচা চাহবাগিচাৰ সমুহ ৰাইজৰ সহযোগত নগাপথাৰ উচ্চ মাধ্যমিক খেলপথাৰত স্বৰ্গীয় চাবিনা হৰ আৰু স্বৰ্গীয় ববিতা কেৰকেটা স্মৃতিত দ্বিতীয় বাৰ্ষিক সমাৰোহৰ মূল সভাখনৰ আত ধৰে উদীয়মান যুৱ নেতা ৰ্মাকাছ বাঘোৱাৰ আৰু বিজয় তাঁতীয়ে। অঞ্চলটোৰ মুঠ ১৭ টা দলে উক্ত অনুষ্ঠানত আয়োজন কৰা ঝুমুৰ প্রতিযোগিতাত অংশগ্রহন কৰে।
অনুষ্ঠানত অতিথি হিচাপে উপস্থিত থকা ৰঙাপৰা চেন্ট পলছ ইংৰাজী বিদ্যালয়ৰ অধ্যক্ষ সুশীল জনচন নামনিগাও পঞ্চায়তৰ সভাপতি মাথিয়াছ ভেংৰা সমাজ কৰ্মী ডেভিড বাঘোৱাৰ আয়োজক সমিতিৰ সভাপতি ফ্রান্সিস হৰ গনচেতনাৰ সন্চালক ফাদাৰ থমাছ বাৰলা উপস্হিত থাকে। অনুষ্ঠানটোৰ শেষত প্রথম স্থান অধিকাৰ কৰা আদাবাৰী চাহ বাগিচা দ্বিতীয় কচুবিল তৃতীয় চেচা পানবাৰী আৰু অংশগ্রহন কৰা দলক সান্তনা পুৰস্কাৰৰে বঁটা,উপহাৰ আৰু নগদ ধনৰে সন্মান দিয়া হয়।
ইপিনে কালি দিনযোৰা কাৰ্যসূচীৰে ঠাকুৰবাৰী চাহ বাগিচাৰ ৯ নং লাইনত চতুৰ্থ বাৰ্ষিক কৰম উৎসৱ উদযাপন কৰা হয়। আদিবাসী সাংস্কৃতিক বিকাশৰ উদ্দেশ্য আগত ৰাখি বিজয় মুণ্ডা সম্পাদক আৰু বিৰজু ওৰাংক সভাপতি হিচাপে লৈ উদযাপন সমিতি গঠন কৰি মহা ধুমধামেৰে কৰম উৎসৱ উদযাপন কৰা হয়।
দেবগান মুন্দাই কালিৰ অনুষ্ঠান মুকলি কৰে। ইপিনে আজিও কৰম উৎসৱৰ লগত সংগতি ৰাখি ১ম বাৰ্ষিক ঝুমইৰ নৃত্য প্ৰতিযোগিতা ও উচ্চতৰ মাধ্যমিক আৰু উচ্চ মাধ্যমিকত ভাল ফলাফল কৰা শিক্ষাৰ্থী ও বাগিচাত কৰ্মৰত শ্ৰেষ্ঠ চাহ শ্ৰমিকক সম্বৰ্ধনা জনোৱা হয়।
বাগিচা খনৰ পৰিচালক আমলা সিং সভাপতি, বিদবাছ বাগ কাৰ্যকৰী সভাপতিত্বত অনুষ্ঠিত অনুষ্ঠানটি পৰিচালনা কৰে সাংস্কৃতিক সম্পাদক ৰবাৰ্টচন খৰাই। আটছাৰ কেন্দ্ৰীয় সমিতিৰ প্ৰাক্তন উপদেষ্টা ৰাজেন ৰহিদাসে আজিৰ অনুষ্ঠানটি মুকলি কৰে।













