![]()
নিউজ ডেস্কঃ
এইবাৰৰ আইপিএলৰ নৱতম সংযোজন হৈছে আহমেদাবাদ দল৷ এই আহমেদাবাদ দলকে আইপিএলত নেতৃত্ব দিব হাৰ্দিক পাণ্ডিয়াই। আইপিএলত মুম্বাই ইণ্ডিয়ানছৰ অন্যতম সদস্য আছিল হাৰ্দিক পাণ্ডিয়া। ১৫ কোটি টকাত হার্দিকক নিজৰ দলত লোৱাৰ লগতে অধিনায়কৰ দায়িত্বও অৰ্পণ কৰিছে আহমেদাবাদে। এই সন্দৰ্ভত সংবাদ মাধ্যমক দিয়া এক সাক্ষাৎকাৰত হার্দিকে কয়, “আমি নতুন ধৰণে আৰম্ভ কৰিবলৈ আগবাঢ়িছোঁ। চাপ সৃষ্টি কৰি যাব বিচাৰোঁ। অতি উত্তেজক কিবা এটা হ’বলৈ আগবাঢ়িছে।”













