ASSAM TIMES POST
গুৱাহাটীঃ সম্প্ৰতি শিলচৰত থকা ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ মূৰব্বী মোহন ভাগৱতক অসমৰ মুখ্যমন্ত্ৰীয়ে সাক্ষাৎ কৰিছে। ভাগৱতৰ সৈতে আলোচনা কালত সদ্য প্ৰকাশিত অসমৰ উন্নীত ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীৰ প্ৰসংগই স্থান পায়।
জানিবপৰামতে, এনআৰচিয়ে যে প্ৰকৃত নাগৰিকৰ ওপৰত প্ৰভাৱ নেপেলাই, সোণোৱালে সেই কথা ভাগৱতক কৈছে।
শিলচৰৰ কেশৱ নিকেতনতে ভাগৱতক মুখ্যমন্ত্ৰীজনে সাক্ষাৎ কৰে। উল্লেখ্য, তিনিদিনীয়া কাৰ্যসূচীৰে শুকুৰবাৰে শিলচৰত উপস্থিত হৈছিলহি আৰএছএছৰ মুৰব্বীজন।












