![]()
মনোৰঞ্জনঃ
বলীউডৰ প্ৰভাৱশালী পিতা-পুত্ৰৰ যুটিৰ ভিতৰত প্ৰথমতেই নাম ল’ব লাগিব অমিতাভ বচ্চন আৰু অভিষেক বচ্চনৰ নাম। কিন্তু সফল পিতৃৰ শ্বুটিং ছেটৰ পৰা এবাৰ বাহিৰ উলিয়াই দিয়া হৈছিল পুত্ৰ অভিনেতা অভিষেক বচ্চনক। কিন্তু কিয়? আপোনালোকে বাৰু জানেনে? অভিষেকে চলিত বৰ্ষত নিজ অভিনয় কেৰিয়াৰৰ মুঠ ২২ টা বৰ্ষ সম্পূৰ্ণ কৰিব; তেওঁ প্ৰায়ে চচিয়েল মিডিয়াত বিভিন্ন পোষ্ট যোগে দৰ্শকক একোটা হাস্যৰসিক ব্যক্তিগত কথা কয় দৰ্শকক আপ্লুত কৰা দেখিবলৈ পোৱা যায়।
অভিষেক এবাৰ এটি পোষ্ট যোগে অনুৰাগী সকলক জানিবলৈ দিছিল যে, ” দুইজন এনে বন্ধু যিয়ে তেতিয়াৰ পৰা চিনেমাৰ প্ৰতি আকৰ্ষিত হৈছিল যেতিয়া তেওঁলোকক শ্বুটিং ছেটৰ পৰা বাহিৰৰ উলিয়াই দিয়া হৈছিল। এই ছবিখন আছিল “পুকাৰ” আৰু ইয়াৰ পৰিচালনা কৰিছিল গোল্ডী বহলৰ পিতৃ ৰমেশ বহলে।ছবিখনত মুখ্য ভূমিকা ৰূপায়ন কৰিছিল মোৰ পিতৃ অমিতাভ বচ্চনে।”
অভিষেকে আগলৈ কয় যে, “আমি শ্বুটিং ছেটত দুখন নকলী অস্ত্ৰ দেখিছিলো, গোল্ডী আৰু মই মিলি সেই অস্ত্ৰৰে খেলিবলৈ আৰম্ভ কৰো। কিন্তু পিছলৈ দুয়োখন অস্ত্ৰ ভাঙি পৰাত আমাক শ্বুটিং ছেটৰ পৰা হোটেললৈ পঠিয়ায় দিয়া হ’ল।” বৰ্তমানেও গোল্ডী বহলৰ সৈতে অভিষেকৰ ভাল সম্পৰ্ক দেখিবলৈ পোৱা যায়। গোল্ডীৰ নিজৰ প্ৰথমখন “বচ ইতনা চা খুৱাব” ছবিখনত অভিষেকে ৰূপায়ন কৰিছিল মুখ্য চৰিত্ৰ।












