![]()
ডিফুঃ
কাৰবি আংলঙ জিলাৰ অসম-নাগালেণ্ড সীমান্তৰ বোকাজানত পুণৰ উদ্ধাৰ হৈছে নিষিদ্ধ হেৰইন ৷ আৰক্ষীৰ সূত্ৰে জানিব পৰা অনুসৰি ড্ৰাগছ নেটৱৰ্কৰ পুৰণি লিংকত উদ্ধাৰ হৈছে ড্ৰাগছখিনি ৷ এটি গোপন সূত্ৰৰ পমখেদি আজি পুৱা বোকাজানৰ চিচিআইৰ চিআৰপিএফ কেম্পৰ ওচৰত এক নাকা তালাচী অভিযান চলোৱা হয় ৷

বোকাজান মহকুমা আৰক্ষী বিষয়া জন দাসৰ নেতৃত্বত বোকাজান থানাৰ অ’চি মৌবলিক ব্ৰক্ষ, ২০ চিআৰপিএফ কেম্প, বোকাজান এপিআৰজি কেম্প লগতে বোকাজান থানা ষ্টাফৰ সহযোগত চলোৱা তালাচী অভিযান চলোৱা হয় ৷ অভিযান কালত এখন নম্বৰ প্লেটবিহনী ৱাগেনৰ বাহনত তালাচী চলাই বাহনখনৰ পৰা ৫১ টা চাবোনৰ বাকচত কঢ়িয়াই অনা ৬৬০ গ্ৰাম নিষিদ্ধ হেৰইন জব্দ কৰিবলৈ সক্ষম হয় ৷ উক্ত হেৰইনখিনি সৰবৰাহৰ লগত জড়িত এটা পুৰুষ, আৰু এজনী মহিলা সৰবৰাহকাৰী অভিযানকাৰী দলটোৱে গ্ৰেপ্তাৰ কৰে ৷
ধৃত সৰবৰাহকাৰী দুটা ক্ৰমে, নাগালেণ্ড, ডিমাপুৰৰ চুকুডিমা থানা এলেকাৰ ছয় মাইলৰ ফনিৰ পুত্ৰ অশোখ'(৪৫) ,স্থায়ী ঠিকনা মণিপুৰৰ সেনাপতি জিলাৰ লাই গাওঁ ৷ আনগৰাকী একে ঠাইৰ নিৱাসী ছালনীৰ পত্নী শীলা (৩৬)বুলি চিনাক্ত কৰা হৈছে ৷ দুয়োটা সৰবৰাহকাৰী পাওমাই নগা ৷ ইয়াৰে অশোখ’ই অলপতে ৬৯৫ গ্ৰাম নিষিদ্ধ হেৰইন সহ গ্ৰেপ্তাৰ হোৱা বাবা হাজৰিকাক ড্ৰাগছৰ যোগান ধৰা কাৰ্যত জড়িত আছিল বুলি সূত্ৰটোত প্ৰকাশ ৷












