![]()
নিউজ ডেস্কঃ
ক্রিকেটাৰ নহয়, এইবাৰ নতুন ৰূপত দেখা যাব মহেন্দ্র সিং ধোনিক। বিনোদন জগতত আত্মপ্ৰকাশৰ দিশে ধোনি। ‘কেপ্টেইন কুল’ হ’ব এইবাৰ ‘অথর্ব’!
বুধবাৰে নিজৰ ফেচবুক পেজত ধোনিয়ে এটি ‘প্রোমো’ পোষ্ট কৰিছে। তাত লিখিছে, ‘‘নতুন যুগৰ গ্রাফিক নভেল অথর্বৰ ‘ফাৰ্ষ্ট লুক’। মই ইয়াক সকলোৰে আগত দাঙি ধৰিবলৈ পাই আনন্দিত।’’ জানিব পৰা মতে এক পৌৰাণিক কাহিনীৰ ওপৰতে নিৰ্মাণ হৈছে ৱেব ছিৰিজ ‘অথর্ব’। তাতেই মুখ্য ভূমিকাত দেখা যাব বিশ্বকাপ বিজয়ী অধিনায়কজনক। বাইশ গজৰ পৰা আঁতৰি তেওঁ এইবাৰ বিনোদন জগতত অভিষেকৰ অপেক্ষাত।
জানিব পৰা মতে ৰমেশ তামিলমানিৰ কাহিনীৰে নিৰ্মাণ হৈছে এই ৱেব ছিৰিজ। যাৰ দায়িত্বত আছে ধোনি এন্টাৰটেইনমেন্ট। আনহাতে, ধোনিৰ এই নতুন ভূমিকাত পর্দাৰ আঁৰৰ মুখ্য পৰিচালক হৈছে তেওঁৰেই পত্নী সাক্ষী। ধোনিৰ পত্নী সাক্ষী হৈছে ‘ধোনি এন্টাৰটেইনমেন্ট’ৰ মেনেজিং ডিৰেক্টৰ।












