![]()
নিউজ ডেস্কঃ
যশ ঢুলৰ দুৰ্দান্ত শতৰান আৰু শ্বেখ ৰচিদৰ ৯৪ ৰানৰ ওপৰত নিৰ্ভৰ কৰি অষ্ট্ৰেলিয়াক ৯৬ ৰানত ধূলিসাৎ কৰি অনূর্ধ্ব-১৯ বিশ্বকাপৰ ফাইনেলত প্ৰৱেশ ভাৰতৰ। অহা শনিবাৰে ভাৰত ফাইনেলত মুখামুখী হ’ব ইংলেণ্ডৰ। প্রথমে বেটিং কৰিবলৈ নামি ভাৰতে পাঁচ উইকেটত ২৯০ ৰান সংগ্ৰহ কৰে। প্ৰত্যুত্তৰত অষ্ট্ৰেলিয়াৰ ইনিংছ থমকি ৰয় মাত্ৰ ১৯৪ ৰানতে।
উল্লেখ্য ভাৰতৰ হৈ ১০টা চাৰি আৰু এটা ছয়েৰে ১১০ বলত ১১০ ৰান কৰে যশে। আনহাতে, ১০৮ বলত ৯৪ ৰান সংগ্ৰহ কৰে ৰচিদে।
অন্তিম চাৰি অভাৰত নিশান্ত সিন্ধু (১০ বলত অপৰাজিত ১২) আৰু দীনেশ বানাই (৪ বলত অপৰাজিত ২০) খৰতকীয়া ৰানেৰে ভাৰতক বৃহৎ স্কৰ দিয়ে।












