ASSAM TIMES POST
নগাঁওঃ শৈক্ষিক ক্ষেত্ৰলৈ আগবঢ়োৱা উল্লেখনীয় অৱদানৰ স্বীকৃতি স্বৰূপে নগাঁও চহৰৰ ব্যক্তিগত খণ্ডৰ অগ্ৰনী শিক্ষানুষ্ঠান ৰামানুজন কনিষ্ঠ মহাবিদ্যালয়ৰ অধ্যক্ষ দিলীপ বৰাক ‘দ্য টেলিগ্ৰাফ ফাউণ্ডেচন’ নামৰ সংগঠনটোৱে ‘দ্যা টেলিগ্ৰাফ স্কুল এৱার্ডছ’ বঁটাৰে সন্মানিত কৰে।
গুৱাহাটী চিকিৎসা মহাবিদ্যালয় প্ৰেক্ষাগৃহত কালি অনুষ্ঠিত এক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত ‘দ্য টেলিগ্ৰাফ ফাউণ্ডেচন’ৰ অধ্যক্ষ অমিতাভ দত্তই ৰামানুজন কনিষ্ঠ মহাবিদ্যালয়ৰ অধ্যক্ষ দিলীপ বৰাক উত্তৰ পূর্বাঞ্চলৰ এগৰাকী বিশিষ্ট শিক্ষাবিদ হিচাপে গণ্য কৰি উক্ত বঁটাটি প্ৰদান কৰে।
উল্লেখ্য, বিগত সময়ছোৱাত উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ কলা আৰু বিজ্ঞান শাখাত ৰাজ্যৰ ভিতৰত শীৰ্ষ স্থান দখলেৰে অভিলেখ সৃষ্টি কৰি অহা ৰামানুজন কনিষ্ঠ মহাবিদ্যালয়ৰ শৈক্ষিক অৱদানৰ বাবে অধ্যক্ষ দিলীপ বৰাক উক্ত বঁটাৰে সন্মানিত কৰা বুলি জানিব পৰা গৈছে ।
উল্লেখ্য, ৰামানুজন কনিষ্ঠ মহাবিদ্যালয়ৰ উল্লেখনীয় সফলতাৰ আঁৰত প্ৰতিষ্ঠা কালৰে পৰা অধ্যক্ষৰ দায়িত্ব বহন কৰি অহা দিলীপ বৰাৰ অধ্যৱসায় আৰু শিক্ষা দানৰ পদ্ধতিয়ে ৰাজ্যৰ শৈক্ষিক মহলৰ বিশেষভাৱে দৃষ্টি আকর্ষণ কৰা পৰিলক্ষিত হৈছে ।
আনহাতে শৈক্ষিক অগ্ৰগতি, ক্ৰীড়া ক্ষেত্রত পাৰদর্শিতা , বিশেষভাৱে সক্ষম, আশ্ৰয়হীন আদিকে ধৰি চৈধ্যটা বিভিন্ন শাখাৰ উত্তৰ-পূৰ্বাঞ্চলৰ মুঠ ১১৪ গৰাকী ছাত্র – ছাত্ৰীক দ্য টেলিগ্ৰাফ স্কুল ফাউণ্ডেচনে দহ হেজাৰ টকাকৈ এককালীন জলপানি প্ৰদান কৰে ।
এইসকলৰ ভিতৰত ৰামানুজন কনিষ্ঠ মহাবিদ্যালয়ৰ চাৰি গৰাকী ছাত্র-ছাত্ৰী ক্ৰমে নিশিতা খাটনিয়াৰ, বৃন্দাবৰ্ণা কাশ্যপ, অংকুৰৰাজ কাশ্যপ আৰু ময়ুৰ পাঠকেও উক্ত জলপানি লাভ কৰে।
উক্ত অনুষ্ঠানত গুৱাহাটীকে ধৰি উত্তৰ – পূৰ্বাঞ্চলৰ কেইবাখনো শৈক্ষিক প্ৰতিষ্ঠানক তেওঁলোকে প্ৰদৰ্শন কৰা বিশেষ পাৰদর্শিতাৰ বাবে দ্য টেলিগ্ৰাফ ফাউণ্ডেচনৰ বঁটা প্ৰদান কৰা হয়। ৰামানুজন কনিষ্ঠ মহাবিদ্যালয়ৰ অধ্যক্ষ দিলীপ বৰাক ‘দ্য টেলিগ্ৰাফ স্কুল এৱার্ডছ’ প্রদানত নগাঁৱৰ শৈক্ষিক মহলে সন্তুষ্টি প্ৰকাশ কৰে ।













