![]()
নিউজ ডেস্কঃ
আৰু কমিল দেশত কৰোনা আক্রান্তৰ সংখ্যা। নিম্নমুখী সংক্রমণ হাৰো। বিগত ২৪ ঘণ্টাত দেশত কৰোনা আক্রান্ত হৈছে ১ লক্ষ ৪৯ হাজাৰ। কৰোনা সংক্রমণৰ হাৰ হৈছে ৯.২ শতাংশ।
কেন্দ্রীয় স্বাস্থ্য মন্ত্ৰালয়ৰ তথ্য মতে, বৃহস্পতিবাৰ পর্যন্ত দেশত মুঠ কৰোনা আক্রান্তৰ সংখ্যা ১৪ লক্ষ ৩৫ হাজাৰ ৫৬৯। বিগত ২৪ ঘণ্টাত কোভিডত মৃত্যু হৈছে ১,০৭২ জন। কৰোনাত মুঠ মৃত্যুৰ সংখ্যা পাঁচ লাখত উপনীত হৈছে। ইতিমধ্যে কোভিডৰ পৰা সুস্থ হৈছে ৪ কোটি ১৭ হাজাৰ ৮৮ জন। বিগত ২৪ ঘণ্টাত সুস্থ হৈছে ২ লক্ষ ৪৬ হাজাৰ ৬৭৪ জন।












