![]()
নিউজ ডেস্কঃ
নির্মীয়মাণ অট্টালিকাৰ একাংশ খহি পৰি মৃত্যু হ’ল ছয় শ্রমিকৰ। আহত বহুকেইজন। তেওঁলোকৰ ভিতৰত কেইজনমানৰ অৱস্থা সংকটজনক হোৱাত মৃতকৰ সংখ্যা আৰু বৃদ্ধি পাব পাৰে বুলি অনুমান কৰা হৈছে।
বৃহস্পতিবাৰে নিশা এই ঘটনাটি ঘটে পুণেৰ ইয়াৰবদা শাস্ত্রীনগৰ এলেকাত। আৰক্ষী আৰু অগ্নিনিৰ্বাপক বাহিনীয়ে উদ্ধাৰকাৰ্য চলায়। মৃতকসকলৰ প্রত্যেকেই বিহাৰৰ বাসিন্দা বুলি প্রশাসনে জনাইছে।
পুণে আৰক্ষীয়ে জনোৱা মতে, উক্ত এলেকাত এটি শ্বপিং মল নিৰ্মাণৰ কাম চলি আছিল। বৃহস্পতিবাৰে নিশা তাৰেই এক মহলাত দুর্ঘটনাটো হয়। পুণেৰ ডিচিপি ৰহিদাস পাৱাৰে জনোৱা মতে, প্রথমতে পাঁচজনৰ মৃত্যুৰ খবৰ পোৱা যায়। লগতে আন পাঁচজন আহত হোৱাৰ খবৰ পোৱা যায়। পিছত আৰু এজন শ্রমিকৰ মৃত্যুৰ খবৰ পোৱা যায়।
পুণেৰ ট্ৰেফিক পুলিচ কমিছনাৰ ৰাহুল শ্রীৰামে জনোৱা মতে, লোৰে নির্মীয়মাণ ঘৰটোৰ ঢালাইৰ কামৰ প্রস্তুতি চলিছিল। নিশা গাড়ী পার্কিঙৰ স্থানত ছাদৰ একাংশ ভাঙি পৰে। সেই সময়ত তাত ১০ জন শ্রমিক শুই আছিল। বিকট শব্দ শুনি স্থানীয় লোকসকল ওলাই আহে। তেওঁলোকেই আৰক্ষী আৰু অগ্নিনিৰ্বাপক বাহিনীক খবৰ দিয়ে। তাৰ পিছত আৰম্ভ হয় উদ্ধাৰকাৰ্য।












