![]()
নিউজ ডেস্কঃ
গুৱাহাটী মহানগৰীত ভয়ংকৰ বোৱাৰী নিৰ্যাতনৰ ঘটনা।খ্ৰীষ্টিয়ানবস্তি স্বামীগৃহত ৰহস্যজনক ভাৱে অগ্নিদগ্ধ অৱস্থাত উদ্ধাৰ এগৰাকী বোৱাৰী।নিকিতা আগৰৱালা খেমকা নামৰ অগ্নিদগ্ধ মহিলা গৰাকীক
সংকটজনক অৱস্থাত ভৰ্তি কৰোৱা হৈছে গুৱাহাটী নেমকেয়াৰ চিকিৎসালয়ত।
উল্লেখ্য বৃহস্পতিবাৰে নিশা সংঘটিত হৈছে এই ভয়ংকৰ ঘটনা।নিকিতা পৰিয়ালৰ অভিযোগ-স্বামী আৰু পৰিয়ালে দীৰ্ঘদিনে শাৰীৰিক-মানসিক নিৰ্যাতন কৰি আহিছিল।কৌশিক খেমকা নামৰ নগাঁৱৰ ব্যৱসায়ী গৰাকী সৈতে ২০১৮ চনত ১৯ এপ্ৰিলত বিবাহত আবদ্ধ হৈছিল নিকিতা।বিয়া পাছৰ পৰাই স্বামী কৌশিক আৰু পৰিয়ালে নিৰ্যাতন চলাই আহিছিল।বহুসময়ত স্বামীয়ে মাৰ- ধৰ কৰা বুলিও নিকিতা মাতৃ আৰু ভাতৃয়ে অৱগত কৰিছে।

উল্লেখ্য নিকিতা ভাতৃয়ে সংবাদ মাধ্যমক জানিবলৈ দিয়া মতে কৌশিকে গাঞ্জা-মদ খাই অত্যাচাৰ কৰি গৈছিল।মানসিক অত্যাচাৰ সহিব নোৱাৰি তাই এনে চৰম পথ বাছি লৈছিল।আনহাতে ঘটনা উচিত ন্যায় বিচাৰি দিছপুৰ থানাত নিকিতা পৰিয়ালে এজাহাৰ দাখিল কৰা বুলি জানিব দিয়ে।
আনহাতে স্বামী আৰু পৰিয়ালে যৌতুক দাবী কৰা কথা অস্বীকাৰ কৰে নিকিতা মাতৃয়ে।স্বামী কৌশিক।ঘৰৰ ভিতৰত শুই থকা অৱস্থাত তাই জ্বলিছে।আৰু ওচৰৰ মানুহ, তলৰ চিকিউৰিটিয়ে ঘৰৰ ভিতৰৰ পৰা ধোঁৱা ওলোৱা প্ৰত্যক্ষ কৰি হুৱা-দুৱা লগাত শুই থকা স্বামী উঠি তাইক চাইছে।নিকিতা পৰিয়ালৰ অভিযোগ জ্বলাই দিছে নে জ্বলি গৈছে নাজানো কিন্তু জ্বলিল কেনেকৈ তাৰ উচিত তদন্ত লাগিব- মাতৃয়ে কয়।
মৰ্মান্তিক কথা নিকিতা পৰিয়ালে অৱগত কৰা অনুসৰি প্ৰায় ৭০-৮০ শতাংশ জ্বলিছে ছোৱালী।তাইক সুস্থ অৱস্থাত আমাক ঘূৰাই লাগিব।












