![]()
নিউজ ডেস্কঃ
উত্তৰ প্রদেশৰ হাপুৰত ‘অল ইণ্ডিয়া মজলিছ-ই-ইত্তেহাদুল মুছলিমিন’ (মিম)ৰ প্রধান আছাদউদ্দিন ৱেইছিৰ গাড়ীলৈ লক্ষ্য কৰি গুলী চলোৱাৰ ঘটনাত তীব্ৰ উত্তেজনা। আৰক্ষী সূত্র মতে, বৃহস্পতিবাৰে বিয়লিৰ উক্ত ঘটনাত জড়িতৰ সন্দেহত এজন যুৱকক গ্রেপ্তাৰ কৰা হৈছে।
মিম সূত্র মতে, দিল্লী সীমান্তৱৰ্তী এটি টোল প্লাজাত ৱেইছিৰ গাড়ীলৈ লক্ষ্য কৰি গুলী চলায় কেইজনমান দুষ্কৃতিকাৰীয়ে। এই সন্দৰ্ভত ৱেইছিয়ে কয়, ‘‘গুলী চলোৱাৰ পিছতেই অস্ত্র পেলাই থৈ পলায়ন কৰে আক্ৰমণকাৰী।’’ ঘটনাটোত কোনো হতাহত নহ’লেও গাড়ীখনৰ টায়াৰ ফাটি যোৱা বুলি তেওঁ জনায়। পিছত তেওঁ অন্য এখন গাড়ীৰে দিল্লীলৈ ওভতে।
ঘটনা সন্দৰ্ভত টুইটাৰত ৱেইছিয়ে লিখিছে, ‘মিৰাটৰ কিথৌৰত নিৰ্বাচনী প্রচাৰত অংশগ্ৰহণৰ পিছত দিল্লীলৈ উভতিছিলো। ছজাৰসি টোল প্লাজাৰ ওচৰত দুজন ব্যক্তিয়ে মোৰ গাড়ীক লক্ষ্য কৰি তিনি-চাৰি ৰাউণ্ড গুলী চলায়। দলটোত মুঠ ৩-৪ জন আছিল।’ ঘটনাৰ আঁৰত ৰাজনৈতিক চক্রান্ত থাকিব পাৰে বুলিও মিম নেতৃত্বৰ আশঙ্কা।












