ASSAM TIMES POST
নগাঁওঃ প্ৰথিতযশা চিত্রশিল্পী প্ৰয়াত প্ৰণৱ বৰুৱাৰ সহধৰ্মিণী আৰতি বৰুৱা (৭২)ৰ আজি বিয়লি ৫-৪৫ বজাত নগাঁও চহৰৰ ৰাজ্যিক পৰিবহন নিগম বাছ আস্থানৰ সমীপৰ নিজ বাসগৃহত পৰলোকপ্ৰাপ্তি ঘটে ।
বিগত কিছুদিন ধৰি তেওঁ দুৰাৰোগ্য ৰোগত আক্ৰান্ত হৈ আছিল। প্ৰয়াত স্বামীৰ শিল্প কৃতী সংৰক্ষণৰ কামত ব্ৰতী হৈ থকা আৰতি বৰুৱা ‘প্ৰণৱ বৰুৱা কলাক্ষেত্র সমিতি’ৰ সভানেত্রী আছিল ।
কলাজ আৰু চিত্রশিল্পৰ সৈতে জড়িত এইগৰাকী শিল্পানুৰাগী মহিলাই স্বামী প্ৰণৱ বৰুৱাৰ স্মৃতিত নগাঁও চহৰত এটি আৰ্ট গেলেৰী নিৰ্মাণৰ বাবে উদ্যোগ লয়। আনহাতে প্ৰয়াত স্বামী প্ৰণৱ বৰুৱাই স্হাপন কৰি যোৱা ‘আহাৰ’ নামৰ জনপ্রিয় ৰেষ্টুৰেণ্টখন আৰতি বৰুৱাই নিয়াৰিকৈ পৰিচালনা কৰি আহিছিল ।
বিভিন্ন সামাজিক অনুষ্ঠান প্ৰতিষ্ঠানৰ লগত জড়িত আৰতি বৰুৱাৰ মৃত্যুত নগাঁৱত শোকৰ ছাঁ পৰে । আৰতি বৰুৱাৰ মৃত্যুত প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্ত, প্ৰাক্তন মন্ত্ৰী ৰকিবুল হুছেইন, প্ৰাক্তন মন্ত্ৰী গিৰীন্দ্ৰ কুমাৰ বৰুৱা, বিধায়ক ৰূপক শৰ্মা, কল্লোল সাংস্কৃতিক গোষ্ঠী, নগাঁও প্ৰেছ ক্লাব, এন চি পি দলৰ ৰাজ্যিক সম্পাদক পৰেশ বৰুৱাৰ উপৰি ভালেসংখ্যক দল সংগঠনে গভীৰ শোক প্ৰকাশ কৰে ।
মৃত্যুৰ সময়ত তেওঁ পুত্র কৌস্তভ কাশ্যপ বৰুৱা,কন্যা লখিমী বৰুৱা,বোৱাৰী, নাতি সহ ভালেসংখ্যক আত্মীয়ক ইহসংসাৰত এৰি থৈ যায় ।













