ASSAM TIMES POST
নগাঁওঃ নগাঁৱৰ নেহৰু যুৱ কেন্দ্ৰৰ চেনিমাই ক্ষেত্ৰত ২৭ ছেপ্টেম্বৰৰ পৰা অনুষ্ঠিত হোৱা সদৌ অসম ভিত্তিত বিহু নাচৰ ভঙ্গীমাৰ আখৰা কাৰ্যসূচীৰ আজি সামৰণি পৰে। ৰাজ্যখনৰ বিভিন্ন প্ৰান্তৰ পৰা অহা বিহুৱতী, বিহুৱা আৰু ঢুলীয়া সকলৰ উপস্থিতিত তিনিদিনীয়াকৈ অনুষ্ঠিত এই কাৰ্যসূচীত বিহুৱতী, ঢুলীয়া, বিহুৱাক পৰম্পৰাগত বিহু নাচ সন্দৰ্ভত প্ৰশিক্ষণ প্ৰদান কৰা হয়।
অসমৰ লোক সংস্কৃতিৰ অন্যতম সংস্কৃতি বিহুক সঠিক ভাবে যাতে উপস্থাপন কৰিব পৰা যায় তাৰ বাবে সকলোৰে মাজত সজাগতা সৃষ্টিৰ ভাবে এই প্ৰয়াস কৰা হৈছে। বিহু সুৰক্ষা সমিতি অসমৰ উদ্যোগত আৰু নগাঁও জিলা সমিতিৰ সহযোগত অনুষ্ঠিত এই কাৰ্যসূচীৰ শুভাৰম্ভ কৰিছিল উদযাপন সমিতিৰ সভাপতি তথা স্থানীয় বিধায়ক ৰূপক শৰ্মাই।
বিহু নাচৰ ভঙ্গীমাৰ আখৰাৰ সংশ্লিষ্ট সকলোকে প্ৰশিক্ষণ প্ৰদান কৰে অসমৰ কেবাগৰাকী লোক সংস্কৃতিৰ গৱেষকে। এই অনুষ্ঠানত নৃত্যাচাৰ্য যতীন গোস্বামী, বিহু বিশেষজ্ঞ জয়কান্ত গন্ধীয়া, ড০ প্ৰদীপ নেওগ, কৃষক বন্ধু লোহিত গগৈ আদিয়ে অংশগ্ৰহণ কৰে। আজি সামৰণি অনুষ্ঠানত অংশগ্ৰহণ কৰি বিশিষ্ট অভিনেত্ৰী মাধুৰিমা চৌধুৰীয়ে বিহু সংস্কৃতিক শদিয়াৰ পৰা ধুবুৰীলৈ একেটা ৰূপত উপস্থাপন কৰাৰ বাবে মত পোষণ কৰে।
বিহু সংস্কৃতিক অসমৰ প্ৰাণ বুলি অভিহিত কৰি অভিনেত্ৰী গৰাকীয়ে বিহু সংস্কৃতিক সঠিক ভাবে উপস্থাপন কৰাৰ বাবে বিহু সুৰক্ষা সমিতি, অসমে লোৱা প্ৰচেষ্টাৰ শলাগ লয়। বিহু সংস্কৃতিত যাতে অপসংস্কতিয়ে বাহ লব নোৱাৰে তাৰ বাবে সতৰ্ক দৃষ্টি ৰাখিবলৈ সংশ্লিষ্ট সকলোকে তেওঁ আহ্বান জনায়। আনহাতে, কালি অনুষ্ঠিত এক অনুষ্ঠানত বিহু সুৰক্ষা সমিতিয়ে প্ৰকাশ কৰি উলিওৱা স্মাৰক গ্ৰন্থ “চেনিমাই” উন্মোচন কৰা হয়। আজি সন্ধিয়া অনুষ্ঠিত হয় সাংস্কৃতিক অনুষ্ঠান।













