![]()
মনোৰঞ্জনঃ
জুবিন গাৰ্গৰ সৈতে খোজত খোজ মিলোৱা তেওঁৰ অৰ্ধাংগিনী/সহধৰ্মিনী গৰিমা শইকীয়া গাৰ্গ। ২০০২ চনৰ আজিৰ দিনটোতেই বিবাহ পাশত আবদ্ধ হৈছিল দুয়োগৰাকী। ২০ বছৰীয়া এই যাত্ৰাত জুবিনৰ উত্থান-পতনৰ প্ৰত্যেকটো সময়ত অংক মিলোৱা গৰিমাও হৈছে জনসাধাৰণৰ মাজত সমানেই জনপ্ৰিয়। তেওঁলোকৰ এই ২০ বছৰীয়া বিবাহ বাৰ্ষিকীত আছাম টাইম পষ্টৰ ফালৰ পৰা জনাইছো অশেষ শুভকামনা।
কাঞ্চনজংঘা, মিছন চাইনা, গানে কি আনে আদি ছবি প্ৰযোজনাৰ লগতে তাত কষ্টিউম ডিজাইন কৰিছিল গৰিমাই। উল্লেখ্য যে, গৰিমাৰ পৰা অহা এখন মাত্ৰ “ফেন লেটাৰ” ৰ দ্বাৰা প্ৰেমৰ আৰম্ভণি হৈছিল এই যুঁটিটোৰ। গৰিমা-জুবিনৰ এই সম্পৰ্কটোক বহুতো অনুৰাগীয়ে অনুসৰণ কৰা দেখিবলৈ পোৱা যায়। সেইবাবেই হয়টো তেওঁলোকৰ ফটো আপলোড হোৱাৰ ক্ষন্তেক পিছতেই চচিয়েল মিডিয়াত ভাইৰেল হৈ পৰে। গৰিমা শইকীয়া গাৰ্গে বিবাহ বাৰ্ষিকৰ দিনাখনেই কেইবাখনো ফটো যোগেৰে জুবিন গাৰ্গক শুভেচ্ছা জনাইছে।












