![]()
নিউজ ডেস্কঃ
বসন্ত পঞ্চমী আৰু সৰস্বতী পূজাৰ দিনা পুৱাতে অনুভূত হ’ল কাশ্মীৰত ভূমিকম্প। প্রায় ২০ ছেকেণ্ড ধৰি কম্পন অনুভূত হয়। ভূমিকম্পৰ জোকাৰণি অনুভূত হয় দিল্লী আৰু নয়ডাতো।
চৰকাৰী সূত্র মতে, ভূমিকম্পৰ উৎসস্থল আফগানিস্তান-তাজিকিস্তান সীমান্তৰ কোনো অঞ্চল। ৰিখটাৰ স্কেলত কম্পনৰ মাত্রা আছিল ৫.৭। অৱশ্যে ক্ষয়-ক্ষতিৰ কোনো খবৰ লাভ কৰা হোৱা নাই। পুৱা ৯.৪৬ বজাত আৰম্ভ হয় কম্পন।












